বিশ্বৰ প্ৰথমখন উৰন্ত মটৰ চাইকেল। এই মটৰ চাইকেলখনে ৩০ মিনিটলৈকে প্ৰতি ঘণ্টাত ৯৬ কিলোমিটাৰ গতিত উৰিব পাৰে। এই মটৰ চাইকেলখনক “স্পীডাৰ” নামেৰে নামাকৰণ কৰা হৈছে। ইয়াৰ প্ৰাৰম্ভিক দাম হৈছে ৩.১৫ কোটি টকা। ১৩৬ কিলোগ্ৰাম ওজনৰ এই মটৰ চাইকেলখনে ২৭২ কিলোগ্ৰাম ওজনৰ বোজা বহন কৰিব পাৰে। ইয়াক ৰিমটৰ জৰিয়তেও নিয়ন্ত্ৰণ কৰিব পাৰিব। এই মটৰ চাইকেলখন নিৰ্মাণ কৰি উলিয়াইছে আমেৰিকাৰ জেটপেক এভিয়েচন প্ৰতিষ্ঠানে। প্ৰতিষ্ঠানটোৱে জনোৱা মতে এই উৰন্ত মটৰ চাইকেলখন প্ৰকৃততে এক “এয়াৰ ইউটিলিটি বাহন”। উল্লেখ্য যে এই মটৰ চাইকেলখনক কেৱল জৰুৰীকালীন চিকিৎসা আৰু অগ্নিনিৰ্বাপণৰ কামতহে ব্যৱহাৰ কৰিব পাৰিব।
Discussion about this post