ভাৰতীয় সেনাৰ নতুন শক্তি স্বাৰ্ম ড্ৰোন ।
ভাৰতীয় সেনাবাহিনীৰ বাবে এতিয়া নতুন শক্তি হৈ পৰিছে স্বাৰ্ম ড্ৰোন । এটা ভাৰতীয় ষ্টাৰ্টআপ কোম্পানীক এই স্বাৰ্ম ড্ৰোন নিৰ্মাণৰ বাবে দায়িত্ব দিয়া হৈছে। চৰাইৰ জাক আৰু পৰুৱাৰ জাকৰ অনুকৰণ কৰি স্বাৰ্ম ড্ৰোনখন নিৰ্মাণ কৰা হৈছে। উদাহৰণস্বৰূপে একে সময়তে কমেও এশখন স্বাৰ্ম ড্ৰোনৰ এটা জাক গৈ নিমিষতে ৫০ কি.মি. দূৰত্বৰ শত্ৰুৰ শিবিৰত আক্ৰমণ চলোৱা ব্যৱস্থাকে কয় স্বাৰ্ম ড্ৰোন । এই স্বাৰ্ম ড্ৰোনৰ বিশেষত্ব হল বিশ্বৰ কোনো ৰাডাৰে এইখন ধৰা পেলাব নোৱাৰে। যদি শত্ৰুপক্ষই ১০০ খন ড্ৰোনৰ জাকত আক্ৰমণো চলায়, তেন্তে তাৰে কেইখনমানহে ধ্বংস হব । বাকী সক্ৰিয়কেইখনে শত্ৰুৰ শিবিৰত নিৰ্বিঘ্নে আক্ৰমণ চলাব পাৰিব। কম্পিউটাৰৰ সহায়ত নিয়ন্ত্ৰিত এই জাক জাক স্বাৰ্ম ড্ৰোন দৰাচলতে এক কৃত্ৰিম বুদ্ধিমত্তাৰ সৃষ্টি।
Discussion about this post