বিৰল শালিগ্ৰাম শিল, মন্দিৰ নগৰ অযোধ্যা পালেহি ।
অযোধ্যাৰ শ্ৰী ৰাম জন্মভূমি তীৰ্থ ক্ষেত্ৰ ট্ৰাষ্টৰ নামত উচৰ্গা হ’বলগীয়া শালগ্ৰাম শিলবোৰ ৬ কোটি বছৰ পুৰণি। এটা শিলৰ ওজন ২৬ টন আৰু আনটোৰ ওজন ১৪ টন। এই বিৰল শালিগ্ৰাম শিল ভগৱান ৰাম মূৰ্তি শিল্পকৰ্মৰ বাবে ব্যৱহাৰ কৰা হ’ব।
নেপালৰ মুস্তাংগ জিলাৰ ছালিগ্ৰামা বা মুক্তিনাথ (মোক্ষৰ স্থান)ৰ ওচৰৰ গণ্ডাকি নদীৰ পৰা এই শিলাখণ্ড উদ্ধাৰ কৰা হৈছে বুলি তেওঁলোকে জানিবলৈ দিয়ে।
শালগ্ৰাম শিলক ভগৱান বিষ্ণুৰ মূৰ্তি বুলি গণ্য কৰা হয়।
Discussion about this post