মুক্তিৰ পূৰ্বেই শ্বাহৰুখ খানৰ বহু প্রতীক্ষিত চলচ্চিত্র ‘পঠান’-এ অগ্রিম টিকট বিক্ৰীৰ ক্ষেত্ৰত বলিউডত নতুন অভিলেখ ৰচিলে। অগ্রিম টিকট বিক্ৰীৰ ক্ষেত্ৰত ‘বাহুবলী ২’ অভিলেখ ভংগ কৰিলে ‘পঠান এ।
বক্স অফিচৰ পৰিসংখ্যা অনুসৰি, ‘পঠান’ৰ বৰ্তমানলৈকে ৬.৬১ লাখ অগ্রিম টিকট বিক্ৰী হৈছে। ‘বাহুবলী-২’ৰ আছিল অগ্রিম টিকট বিক্ৰী সংখ্যা মুঠ ৬.৫০ লাখ ।
অগ্রিম টিকট বিক্ৰীৰ প্ৰতি লক্ষ্য ৰাখি চলচ্চিত্র বাণিজ্যিক বিশ্লেষকে কয় যে শ্বাহৰুখৰ ‘পঠান’ ছবিখনে বক্স অফিচত ব্যৱসায়ৰ ক্ষেত্ৰত নতুন অভিলেখ ৰচাৰ সম্ভাৱনা আছে।
Discussion about this post