ডিজিটেল সংবাদ, ৱাখাঃ প্ৰকৃতিৰ আৰু ঐতিহ্য সংৰক্ষণেৰে নাগালেণ্ড এতিয়া বিশ্বৰ পৰ্যটকৰ বাবে এক আকৰ্ষণীয় ‘টুৰিজিম হট স্পট ‘হৈ পৰিছে । গ্লবেল টুৰিজিমৰ বাবে এক ডেষ্টিনেচন হ’ল নগাসকলৰ ঐতিহ্য গাঁও ক’হিমাৰ খনমা গ্ৰীণ ভিলেজ ।
খনমা কেৱল দৃষ্টিনন্দন সেউজভূমিয়ে নহয় এই গাঁৱৰ আছে সাতশ বছৰীয়া নগা গাঁৱৰ বৰ্ণিল যুদ্ধ বিজয়ী ইতিহাস। নাগালেণ্ডৰ ৰাজধানী ক’হিমাৰ পৰা প্ৰায় ২০ কিলোমিটাৰ নিলগত অৱস্থিত এচিয়াৰ সৰ্ববৃহৎ সেউজী গাঁও খনমা বিশ্বৰ পৰ্যটন মানচিত্ৰ উজলি উঠিছে ।
দ্বিতীয় বিশ্বযুদ্ধৰ ইতিহাসে গৰকা নগা ঐতিহ্য গাঁৱ খনমা , এইবাৰ ৰাষ্ট্ৰসংঘৰ বিশ্ব পৰ্যটন সংস্থাৰ (UNWTO) উন্নীতকৰণ কাৰ্যসূচীৰ বাবে নিৰ্বাচিত হৈছে । উল্লেখযোগ্য যে ৰাষ্ট্ৰসংঘৰ বিশ্ব পৰ্যটন কাৰ্যসূচীৰ বাবে সমগ্ৰ বিশ্বৰ মাত্ৰ ২০খন গাঁৱ নিৰ্বাচিত কৰা হৈছে । ইয়াৰ ভিতৰত নাগালেণ্ডৰ গ্ৰীণ ভিলেজ খনমাও অন্যতম তথা ভাৰতৰ এক মাত্ৰ পৰ্যটন গাঁও ।
Discussion about this post