বৰ্ষাপাৰাত ভাৰত – শ্ৰীলংকাৰ প্ৰথমখন এদিনীয়াত ৰোমাঞ্চকৰ জয়লাভ ভাৰতৰ ৷
৬৭ ৰাণত জয় টীম ইণ্ডিয়াৰ ৷ প্ৰথমে বেটিং কৰি ভাৰতে আঠ উইকেটৰ বিনিময়ত সংগ্ৰহ কৰে ৩৭৩ ৷
আনহাতে শ্ৰীলংকাই আঠ উইকেট হেৰুৱাই সংগ্ৰহ কৰে ৩০৬ ৰাণ ৷
আজিৰ এই প্ৰথমখন ভাৰত-শ্ৰীলংকাৰ এদিনীয়াতে ভাৰতৰ প্ৰাক্তন কেপ্তেইন বিৰাট কোহলীয়ে ৭৩ সংখ্যক শতক অৰ্জন কৰিবলৈ সক্ষম হয়। য’ত তেওঁ ৮৭ বলত ১১৩ ৰাণ সংগ্ৰহ কৰে ৷
লগে লগে কোহলিয়ে কিংবদন্তী ক্ৰিকেটাৰ শচীন তেণ্ডুলকাৰৰ এক অভিলেখ স্পৰ্শ কৰিবলৈ সক্ষম হয়। এইয়া কোহলীৰ ক্ৰিকেট কেৰিয়াৰৰ শ্ৰেষ্ঠতম প্ৰদৰ্শন হিচাপে বিবেচিত হয় ৷ বিৰাট কোহলীয়ে ৭৩ সংখ্যক শতক অৰ্জন কৰি কিংবদন্তী ক্ৰিকেটাৰ শচীন তেণ্ডুলকাৰৰ এক অভিলেখ স্পৰ্শ কৰিবলৈ সক্ষম হয়।
Discussion about this post