গুৱাহাটীৰ বায়ু প্ৰদূষণে লৈছে ভয়ংকৰ ৰূপ। বিশুদ্ধ বায়ুৰ অভাৱত মহানগৰৰ বাসিন্দাৰ এতিয়া উশাহ ল’ব নোৱাৰা এক পৰিস্থিতিৰ সূচনা হৈছে। এনে পৰিস্থিতিত ৰোগীয়া লোকৰ কথাটো বাদেই সুস্থ, সৱল লোকৰেই স্বাস্থ্যৰ অৱনতি ঘটিবলৈ ধৰিছে। বৃদ্ধি পাইছে কাহ, জ্বৰ, চৰ্দি, মূৰৰ বিষকে ধৰি বিভিন্ন ধৰণৰ ৰোগ।
গুৱাহাটীৰ বিভিন্ন অঞ্চলৰ শিশুৰ মাজত দেখা গৈছে এতিয়া শ্বাস, প্ৰশ্বাসজনিত ৰোগৰ সংখ্যা। গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাল কৰ্তৃপক্ষৰ মতে যোৱা কেই সপ্তাহত গুৱাহাটীত শিশুৰ মাজত ব্ৰঙ্কিওলাইটিছ, নিউমোনিয়া আৰু হাপানীৰ দৰে বিভিন্ন শ্বাস-প্ৰস্বাসজনিত ৰোগে দেখা দিছে।
দৈনিক এনে ৰোগত আক্ৰান্ত ১০ ৰ পৰা ১৫ টাকৈ শিশুক GMCH ত ভৰ্তি কৰোৱা হৈছে। কেইজনমান শিশুৰ আছে ব্ৰঙ্কিওলাইটিছ. নিউমোনিয়া আৰু হাপানীৰ দৰে শ্বাস-প্ৰশ্বাসজনিত ৰোগ। এই শিশুসকলক নেবুলাইজেচনৰ সৈতে তাৎক্ষণিক চিকিৎসা প্ৰদান কৰা হৈছে আৰু সকলোৱে অৱশ্যে আৰোগ্য লাভ কৰিছে।
ইফালে GMCH ৰ অধীক্ষক অভিজিত শৰ্মাই এই সন্দৰ্ভত কয় যে, অধিক প্ৰদূষণৰ বাবে শিশু আৰু বৃদ্ধ লোকসকলৰ দেহত তাৎক্ষণিক স্বাস্থ্যৰ সমস্যাই দেখা দিব পাৰে। সেয়েহে মানুহে মাস্ক পিন্ধাটো অতি প্ৰয়োজন হৈ পৰিছে। শিশুসকলক তেওঁ ঘৰৰ ভিতৰতেই থাকিবলৈ পৰামৰ্শ আগবঢ়াইছে। অৱশ্যে বিদ্যালয়লৈ যোৱাৰ ক্ষেত্ৰত শিশুৰ স্বাস্থ্যৰ দিশটোৰ প্ৰতি সচেতনা অৱলম্বন কৰিবলৈ বিদ্যালয়ৰ কৰ্তৃপক্ষক ব্যৱস্থা গ্ৰহণ কৰিবলৈও আহ্বান জনাইছে।
কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ ব’ৰ্ডৰ ৰাষট্ৰীয় একিউআই বুলেটিন অনুসৰি মঙ্গলবাৰে গুৱাহাটীৰ বায়ুৰ মানদণ্ড হৈছে ২০৮।
Discussion about this post