১ ফেব্ৰুৱাৰীৰ পৰা বন্ধ হ’ব এই OLA , UBER কেব সেৱা। OLA , UBER কেব সেৱা বন্ধৰ সিদ্ধান্ত কেব মজদুৰ সংঘৰ। কেব চালক সকলক কৰি অহা শোষণৰ বাবে ১৮০০০ চালকে OLA , UBER কেব, বাইক , টেক্সী চালকে এই সিদ্ধান্ত লৈছে। সদৌ অসম কেব মজদুৰ সংঘই জানিবলৈ দিয়া মতে OLA , UBER , Rapid ৰ দৰে কোম্পানী বোৰে প্ৰতিটো যাত্ৰাৰ বাবদ অধিক কমিচন লয়।
সেয়েহে এই সিদ্ধান্ত লৈছে কেব চালক সকলে । সদৌ অসম কেব মজদুৰ সংঘই এখন সংবাদমেল পাতি তেওঁলোকৰ কেইটামান দাবী উত্থাপন কৰিছে।
সদৌ অসম কেৱ মজদুৰ সংঘৰ দাবীসমূহ হৈছে –
১) এগ্ৰিগেটৰ সমূহে তেওঁলোকৰ কমিচনৰ হাৰ ১৫ শতাংশলৈকে হ্ৰাস কৰিব লাগিব ।
২) যদি কোনো কেব চালকৰ কৰ্মৰত অৱস্থাত মৃত্যু হয় তেন্তে ১০ লাখ টকাৰ সাহাৰ্য্য প্ৰদান কৰিব লাগিব ।
৩) চালক আৰু যাত্ৰীক সুনিশ্চিত নিৰাপৰ্তা প্ৰদান কৰিব লাগিব ।
৪) চৰকাৰী নিৰিখ অনুসৰি প্ৰতি কিলোমিটাৰৰ ভাড়া নিৰ্দ্ধাৰিত কৰিব লাগিব।
Discussion about this post