আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত জনগোষ্ঠীয় লোকসকলে মে-ডাম-মে-ফী অনুষ্ঠান অনুষ্ঠিত কৰিব।
মে ডাম মে ফি (ইংৰাজী: Me-Dam-Me-Phi) হ’ল টাই আহোমসকলৰ এক আহোম ধৰ্মৰ নিয়ম অনুসৰি পালন কৰা সামাজিক পৰম্পৰাগত উৎসৱ। এই উৎসৱত আহোমসকলে পূৰ্বপুৰুষ সকলক স্মৰণ কৰে আৰু বিশ্ব শান্তিৰ বাবে কামনা কৰে। এই পৰম্পৰাৰ জৰিয়তে উপৰি-পুৰুষৰ সৈতে অশাৰীৰিক যোগসূত্ৰ স্থাপন কৰি নিজৰ আৰু সমাজৰ তথা দেশৰ মংগলৰ বাবে জন-মিং বা আশীৰ্বাদ বিচৰা হয়। মে-ডাম-মে-ফিৰ অৰ্থ হ’ল মে মানে তৰ্পন, ডাম মানে মৃতক আৰু ফি মানে হ’ল মৃতকৰ দেও। অন্যান্য পৰম্পৰাৰ দৰে মে ডাম মে ফি পালনৰ বাবেও নীতি নিয়ম আছে যাক টাই আহোম ভাষাত খ্য়েক-লাই বুলি জনা যায়।
চুকাফাই অসমলৈ অহাৰ পথত ঈৰাৱতী নৈ পাৰ হৈয়েই ’মে ডাম মে ফি ’ উদযাপন কৰিছিল। নতুন ৰাজ্য এখন জয় কৰি তাত সুশাসন প্ৰৱৰ্ত্তন কৰিবলৈ পূৰ্ব্ব পুৰুষ, লেংদন আৰু অন্যান্য দেৱতাসকলৰ আশীৰ্ব্বাদ বিচাৰি দৈ-কাও-ৰং পাৰ হোৱাৰ লগে লগে নামৰূপত বুঢ়ী দিহিঙৰ পাৰত তেওঁ আকৌ ’মে ডাম মে ফি ’ পাতিছিল। এইখন পূজাৰ পিছত তেওঁ চৰাইদেউৰ নামনি ভাগত লাঙটেওকাটত ’মে ডাম মে ফি ’ পাতে। চৰাইদেউত ৰাজধানী পাতিবৰ সময়তো পূৰ্ব্ব-পুৰুষ আৰু দেৱতাসকলৰ আশীৰ্ব্বাদ বিচাৰি স্বৰ্গদেৱে ’মে ডাম মে ফি ’ পাতিছিল বুলি জনা যায়।
Discussion about this post