জোনবিল মেলা, য’ত টকা হৈ পৰে অচল, প্ৰাণ পাই উঠে পৌৰাণিক পৰম্পৰাই
সম্ভৱতঃ বিশ্বৰ ভিতৰতে এইখনেই একমাত্ৰ মেলা য’ত টকাই কাম নকৰে। কাম কৰে সাতামপুৰুষীয়া পৰম্পৰাই।
এবিধ সামগ্ৰীৰ বিনিময়ত আন এবিধ সামগ্ৰীৰ আদান–প্ৰদান হয় এই জোনবিলত।
শুকুৰবাৰে জোনবিল মেলা পৰিদৰ্শন কৰি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰে যে ৰাজ্য চৰকাৰে মেলাৰ বাবে ২০ বিঘা স্থায়ী ভূমি আবণ্টন দিয়াৰ পৰিকল্পনা কৰিছে।
সংবাদ মাধ্যমৰ সৈতে হোৱা কথা-বতৰাত শৰ্মাই কয়, ‘জোনবিল মেলাৰ আয়োজকসকলক মেলাখন সঠিকভাৱে অনুষ্ঠিত কৰিবলৈ নিজাকৈ এডোখৰ মাটিৰ প্ৰয়োজন গতিকে আমি মেলাখন অনুষ্ঠিত কৰাৰ বাবে মাটি আবণ্টন দিয়াৰ সিদ্ধান্ত লৈছো ।
Discussion about this post