ইণ্ডিয়ান অইলত টেকনিকেল আৰু নন টেকনিকেল দুটা বিভাগত টেকনিচিয়ান, গ্রেজুৱেট এপ্ৰেণ্টিচ আৰু ট্রেড এপ্রেণ্টিচ পদত নিযুক্তিৰ বাবে বিজ্ঞাপন প্রকাশ কৰা হৈছে।
মুঠ ১৭৬০ খালী পদত নিযুক্তি দিব ইণ্ডিয়ান অইলে। আগ্রহী প্রার্থীয়ে ইণ্ডিয়ান অইলৰ ৱেবছাইট iocImd.in ভিজিট কৰি আবেদন কৰিব পাৰিব।
যোৱা ১৪ ডিচেম্বৰৰ পৰা অনলাইনত আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈছে আৰু প্ৰাৰ্থীয়ে অহা তিনি জানুৱাৰীৰ ভিতৰত আবেদন দাখিল কৰিব লাগিব। উল্লেখ্য যে একমাত্র অনলাইনতহে প্ৰাৰ্থীয়ে আবেদন কৰিব লাগিব।
আবেদন মাচুল : মার্কেটিং বিভাগত শিক্ষানবিশ শূন্য পদত আবেদনৰ ক্ষেত্ৰত কোনো মাচুল প্ৰাৰ্থীয়ে আদায় দিব নালাগে।
বয়সৰ সীমা : সংশ্লিষ্ট পদত আবেদনৰ বাবে প্ৰাৰ্থীৰ বয়স ১৮ বছৰৰ পৰা ২৪ বছৰৰ ভিতৰত হ’ব লাগিব।
শৈক্ষিক অৰ্হতা : আবেদনৰ বাবে প্ৰাৰ্থীৰ নিৰ্দিষ্ট পদৰ বাবে প্রযোজ্য আইটিআই ট্রেডৰ প্ৰমাণপত্র অথবা দ্বাদশ শ্রেণী উত্তীর্ণ/ডিপ্ল’মা বা ডিগ্ৰীধাৰী হ’ব লাগিব।
নির্বাচন পদ্ধতি : ইণ্ডিয়ান অইলে দেশজুৰি বিভিন্ন পৰীক্ষাকেন্দ্ৰত আইঅ’চিএল এপ্ৰেণ্টিচ লিখিত পৰীক্ষা অনুষ্ঠিত কৰিব। লিখিত পৰীক্ষাৰ লগতে প্ৰাৰ্থীৰ প্ৰমাণপত্ৰৰ পৰীক্ষণ, মেডিকেল পৰীক্ষাও গ্ৰহণ কৰা হ’ব।
Discussion about this post