G20 প্ৰতিনিধিৰ চমু যাতায়তৰ বাবে অনা হৈছে বেটেৰী চালিত গল্ফ কাৰ্ট
১ ফেব্ৰুৱাৰীত কাজিৰঙালৈ আহিব G20 ৰ প্ৰতিনিধি ৷ বিভিন্ন দেশৰ প্ৰতিনিধি বৰ্গৰ আগত কাজিৰঙাক সুন্দৰভাৱে উপস্থাপন কৰাৰ লগতে অসমীয়াৰ অতিথি পৰায়ণতাক যাতে প্ৰকৃত ৰূপত প্ৰতিপন্ন কৰিব পাৰি তাৰ বাবে জিলা প্ৰশাসনৰ সহযোগত দিনে নিশাই প্ৰস্তুতি চলাইছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই।
ন ৰূপত সজাই তোলা হৈছে কহঁৰাস্থিত বন বিভাগৰ শতবৰ্ষ উদযাপন কেন্দ্ৰৰ সংগ্ৰহালয় আৰু চৌপাশ ৷ প্ৰতিনিধি সকলৰ চমু যাতায়তৰ বাবে অনা হৈছে বেটেৰী চালিত গল্ফ কাৰ্ট ৷
প্ৰকাশ কৰা মতে G20 ৰ ভাৰতীয় প্ৰতিনিধিৰ লগতে বিভিন্ন দেশৰ বহুকেইজন অতিথি আহিব কাজিৰঙালৈ ৷ দিনজোৰা কাৰ্যসূচীৰে কাজিৰঙালৈ আহি দৰ্শন কৰিব কহঁৰা আৰু বাগৰি বনাঞ্চল ৷ G20 ৰ মূল বৈঠকখন অনুষ্ঠিত হ’ব গুৱাহাটীত ৷
Discussion about this post