আজি ইংৰাজী ১৮ ডিচেম্বৰ,২০২২ তাৰিখে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অসমৰ অগ্ৰণী সাহিত্যানুষ্ঠান “অসম কাব্য কানন” ৰ পঞ্চম বাৰ্ষিক অধিৱেশনখন দিনযোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হয়।পুৱা বন্তি প্ৰজ্জ্বলনেৰে আৰম্ভণি হোৱা অনুষ্ঠানটিত বন্তি প্ৰজ্জ্বলন কৰে কাব্যম প্ৰকাশৰ প্ৰকাশক প্ৰদীপ চন্দ্ৰ শৰ্মা, উপদেষ্টা পবিত্ৰ কুমাৰ নাথ আৰু জয়ন্ত কুমাৰ বৰ্মণে।শ্বহীদ তৰ্পন কৰে সক্ৰিয় সদস্য এনী ভূঞা ডেকা, বিভা দেৱী, বিশ্বজিৎ গগৈ আৰু আছমা জাফ্ৰিয়ে। ইয়াৰ পাছতে অৰ্চনা ঠাকুৰীয়া ,ভূমিকা দাস আৰু বিনীতা গোস্বামীৰ পৰিচালনাৰে উপস্থিত শতাধিক কবিৰ মাজত অনুষ্ঠিত হোৱা কবিতাৰ মেলত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে কবি ৰীতা বৰুৱা, মিৰ্জা হুমায়ূন কবিৰ,ছেকেণ্ডাৰ আলি আহমেদ আৰু চন্দন ভাগৱতী।
তাৰ পাছতে অসম কাব্য কাননৰ প্ৰকাশন গোষ্ঠী কাব্যম প্ৰকাশৰ উদ্যোগত চাৰিখনকৈ গ্ৰন্থ উন্মোচন হয়। প্ৰদীপ চন্দ্ৰ শৰ্মাৰ উপন্যাস জংচন উন্মোচন কৰে বিশিষ্ট সাংবাদিক মানসজ্যোতি বৰুৱাই। ডাঃ হীৰেন্দ্ৰ কুমাৰ ভাগৱতীৰ স্বাস্থ্য বিষয়ক গ্ৰন্থ নিদানৰ ভুৰুকা উন্মোচন কৰে বিশিষ্ট সাংবাদিক তথা গল্পকাৰ মনোৰঞ্জন বড়িয়ে। চন্দন ভাগৱতীৰ শিশু উপন্যাস সেউজী ধৰণী ধুনীয়া উন্মোচন কৰে মিহিৰ হাজৰিকাই। বাৰ্ষিক মুখপত্ৰ ‘আমাৰ কাব্যকানন’ উন্মোচন কৰে পবিত্ৰ কুমাৰ নাথে।
কাব্য কাননৰ সভাপতি ডাঃ হীৰেন্দ্ৰ কুমাৰ ভাগৱতীৰ সভাপতিত্বত ১ঃ৩০ বজাৰ পৰা অনুষ্ঠিত হোৱা মুকলি সভাখনত সন্মানীয় অতিথি হিচাপে উপস্থিত থাকে বিশিষ্ট কবি ,সদৌ অসম কবি সন্মিলনৰ প্ৰাক্তন সভাপতি আনিছ উজ্ জামান ।বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰে কবি ,সমালোচক উদয় কুমাৰ শৰ্মা আৰু প্ৰদীপ চন্দ্ৰ শৰ্মাই। অসম কাব্য কাননৰ সম্পাদক নৱ ৰাজনে আঁত ধৰা সভাখনত কবি ৰাজীৱ বৰাক ২০২২ চনৰ ‘কাব্যম বঁটা’ প্ৰদান কৰা হয়।
উক্ত অনুষ্ঠানতে মালবিকা গগৈ, গীতাঞ্জলি বৰকটকী, গিৰিজা শৰ্মা, স্বপ্না সন্দিকৈ নেওগ,ৰশ্মি দলে’,ৰঞ্জিতা হাজৰিকা চেতিয়া ,প্ৰতিমা বুঢ়াগোহাঁই, ফুলজ্যোতি গোস্বামী,ভাৰতী চক্ৰৱৰ্তী, মণিকা দাস ,কংকনা ঠাকুৰীয়া,কাব্যশ্ৰী বৰপাত্ৰ, জানমণি শইকীয়া ,ইলা ডেকা ইমন,হিমাদ্ৰী দাস,গীতাঞ্জলী হাজৰিকা,ফাৰুল হুছেইন, দুলাল দিহিঙীয়া,নিজুমণি বৰা, দেৱজিত নাথ আৰু ভাৰ্গৱ কুমাৰ নাথক সম্বৰ্ধনা জনোৱা হয়।
অসম কাব্য কাননৰ প্ৰচাৰ সম্পাদক বিশ্বজিৎ গগৈয়ে শলাগৰ শৰাই আগবঢ়োৱাৰ পাছতে সভা ভংগ হয়।
Discussion about this post