ভাৰতীয় চিনেমা জগতৰ প্ৰথম দেৱদাস খ্যাত প্ৰমথেশ চন্দ্ৰ বৰুৱা আৰু গোৱালপৰীয়া লোক সংগীতৰ সাম্ৰাজ্ঞী প্ৰতিমা বৰুৱা পাণ্ডেৰ সংগীত সাধনাৰ পীঠস্থান ধুবুৰীৰ ঐতিহাসিক শতায়ু গৰকা ইতিহাস বিজড়িত গৌৰীপুৰৰ ৰাজকাৰেঙ ‘‘হাৱা মহল” অসম চৰকাৰ লৈ হস্তান্তৰিত, কাৰ্যসূচীত উপস্থিত থাকে মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মা ৷
এই উপলক্ষে আয়োজিত অনুষ্ঠানৰ ভাগ লৈ মুখ্যমন্ত্ৰী গৰাকীয়ে কয়,গোৱালপৰীয়া লোক সংগীতৰ সাম্ৰাজ্ঞী, পদ্মশ্ৰী প্ৰয়াত প্ৰতিমা বৰুৱা পাণ্ডেৰ বাসগৃহ ধুবুৰী জিলাৰ গৌৰীপুৰ সমীপৰ মাটিৱাবোগৰ ‘‘হাৱা মহল’’’ প্ৰয়াত শিল্পীগৰাকীৰ জীৱন আৰু কীৰ্তি যুগমীয়া কৰাৰ উদ্দেশ্যে এটা সংগ্রহালয় গঢ়ি তোলা হ’ব ৷
একেদৰে এই “হাৱা মহল” হিন্দু, মোগল আৰু বিট্ৰিছ দিনৰ স্থাপত্য কলাৰ অপূৰ্ব সামাহাৰ ৰে তথা এক বিশেষ ইতিহাসৰ সাক্ষী বহন কৰি ‘‘হাৱা মহল’’ৰ চৌহদত আছে বীৰ চিলাৰায়ৰ পুত্ৰ ৰঘুদেৱ নাৰায়ণৰ বৰতোপ এটাও।
সেই বিশেষ ইতিহাস জীয়াই ৰখাৰ স্বাৰ্থত নামনি অসমৰ জমিদাৰী প্ৰথা তথা পুৰণি গোৱালপাৰা জিলাৰ ইতিহাসৰ স’তে জড়িত থকা সেই সামগ্ৰীবোৰৰ সংৰক্ষণৰে ইতিবাচক এক যাত্ৰাৰ “হাৱা মহল”ক প্ৰয়াত সেই শিল্পীগৰাকীৰ পৰিয়ালবৰ্গৰ পৰা আনুষ্ঠানিক ভাৱে চমজি অহা বৰ্ষৰ ভিতৰত ধুবুৰী ৰাইজ তথা অসমবাসী ৰাইজৰ ওচৰত সংগ্ৰাহলয়টি অৰ্পন কৰিব বুলি মুখ্যমন্ত্ৰী গৰাকীয়ে জনায়।
একেদৰে গৃহটোৰ সকলো উন্নয়নমূলক কাম-কাজ ২০২৪ বৰ্ষৰ এক জানুৱাৰী ভিতৰত সম্পূৰ্ণ কৰা হ’ব বুলিও সদৰি কৰে ৷
Discussion about this post