চিকিৎসা বিজ্ঞানৰ ইতিহাসত বিৰল ঘটনা। এটি আঠমহীয়া শিশুৰ পেটত ওলাল মানৱ ভ্রূণ। এই বিৰল ঘটনাৰ সাক্ষী হ’ল ডিব্ৰুগড়ত চিকিৎসা বিজ্ঞান।
চিকিৎসকে অস্ত্রোপচাৰ কৰি শিশুটিৰ দেহৰ পৰা উলিয়ালে উক্ত ভ্রূণটো।
প্রাপ্ত তথ্য অনুসৰি, অৰুণাচল প্ৰদেশৰ অতি দুৰ্গম অঞ্চল বিজয় নগৰৰ এক দম্পতিয়ে নিজৰ আঠমহীয়া শিশু সন্তানৰ পেটৰ অংশ বৃহৎ আকাৰত ফুলি উঠাত চিন্তিত হৈ ডিব্ৰুগড়ৰ অপেক্ষা চিকিৎসালয়ত ভর্তি কৰোৱায়।
তাৰ পাছতে চিকিৎসকৰ দলে শিশুটিৰ পেটৰ অংশ পৰীক্ষা কৰাত শিশুটিৰ পেটত ২.৫ কিলোগ্ৰামৰ এটা ভ্রূণ আৱিষ্কাৰ কৰে।
যাক লৈ চিকিৎসা বিজ্ঞানৰ আন এক বিৰল ঘটনাৰ সাক্ষী হৈ পৰে চিকিৎসক সকল। নাভূত-নাশ্রুত ঘটনাক কেন্দ্ৰ কৰি বিমোৰত পৰে চিকিৎসক।
চিকিৎসা শাস্ত্ৰৰ মতে ‘ফিটাছ ইন ফিটো’ বুলি পৰিচিত এই বিৰল ঘটনাত ভ্রূণটোৰ ক্রমান্বয়ে বিকাশ হৈ হাত, ভৰি ৰাজহাড় ইত্যাদি গঠন লৈছিল।
শনিবাৰে সন্ধিয়া পেডিয়ট্রিক ছার্জন ডাঃ হেমন্ত কুমাৰ দত্তৰ নেতৃত্বত ছজনীয়া চিকিৎসকৰ দলে আঠমহীয়া শিশুটিৰ তিনি ঘণ্টাৰ জটিল এক অস্ত্রোপচাৰ কৰি শিশুটিৰ পেটৰ পৰা সেই ভ্রূণ পৃথক কৰে।
এই অস্ত্রোপচাৰ যথেষ্ট জটিল আছিল বুলি চিকিৎসকে স্বীকাৰ কৰি কয় যে শিশুটিৰ দেহৰ গুৰুত্বপূৰ্ণ অংগ বৃক্কৰ নিচেই কাষতে এই ভ্ৰূণ বৃদ্ধি হৈ আহিছিল। শিশুটিৰ এনাস্থেছিয়াৰ প্ৰক্রিয়াও যথেষ্ট প্রত্যাহ্বানমূলক আছিল।
অৱশেষত চিকিৎসকে সফলভাৱে সম্পন্ন কৰিলে এই অস্ত্রোপচাৰ। চিকিৎসকৰ দলটোত আছিল ক্রমে পেডিয়ট্রিক ছাৰ্জন ডাঃ হেমন্ত কে আৰ দত্ত, শিশু ৰোগ বিশেষজ্ঞ ডাঃ অর্পিতা বৰগোহাঁই, স্ত্ৰীৰোগ বিশেষজ্ঞ ডাঃ অশোক আগৰৱালা, এনাস্থেছিঅ’লজিষ্ট ডাঃ অভিনৱ পোদ্দাৰ, এনাস্থেটিষ্ট ডাঃ মেঘা পিভি, ৰেডিঅ’লজিষ্ট ডাঃ লাখী মিলি। চিকিৎসকৰ দলে প্রায় তিনি ঘণ্টাযোৰা অস্ত্রোপচাৰৰ জৰিয়তে সফলতা অর্জন কৰে।
প্ৰায় চাৰি লক্ষাধিক শিশুৰ ভিতৰত এটি শিশুৰ এনে ঘটনা হোৱাৰ উদাহৰণ বিশ্বত আছে চিকিৎসকে জনায়।
Discussion about this post