• Home
  • Privacy Policy
  • Terms & Conditions
Monday, July 21, 2025
Khatang Khabar
  • HOME
  • News
    • All
    • Assam
    • International
    • National
    • North-East
    4 symptoms indicating you have iron-deficiency anemia

    4 symptoms indicating you have iron-deficiency anemia

    Assam rocked by another gruesome murder case | Woman kills husbands with help of son

    Assam rocked by another gruesome murder case | Woman kills husbands with help of son

    Nokia changes its iconic brand logo in 60 years

    Nokia changes its iconic brand logo in 60 years

    মুম্বাই আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ (MIFF)

    Lilakanta Mahanta Passes Away

    Lilakanta Mahanta Passes Away

    Assam: Noted academician Srutimala Duara passes away in Guwahati

    Assam: Noted academician Srutimala Duara passes away in Guwahati

    Couple makes ‘history’ with longest underwater kiss on Valentine’s Day

    Couple makes ‘history’ with longest underwater kiss on Valentine’s Day

    Assam: Five die in road accident while returning from wedding

    Assam: Five die in road accident while returning from wedding

    Guwahati theatre actor gets Ustad Bismillah Khan Yuva Puraska

    Guwahati theatre actor gets Ustad Bismillah Khan Yuva Puraska

  • Others
    • All
    • Education
    • Health
    • Politics
    4 symptoms indicating you have iron-deficiency anemia

    4 symptoms indicating you have iron-deficiency anemia

    Killing of Wild Elephant’s In Manas National Park

    Killing of Wild Elephant’s In Manas National Park

    Electric Flying Taxi by Madras IIT

    Electric Flying Taxi by Madras IIT

    High Blood Pressure

    High Blood Pressure

    Kataria Takes Over As Governor..

    Kataria Takes Over As Governor..

    কটনত নিষিদ্ধ হ’ল সদৌ অসম ছাত্ৰ সন্থা

    কটনত নিষিদ্ধ হ’ল সদৌ অসম ছাত্ৰ সন্থা

    গুৱাহাটীৰ বায়ু প্ৰদূষণে লৈছে ভয়ংকৰ ৰূপ।

    গুৱাহাটীৰ বায়ু প্ৰদূষণে লৈছে ভয়ংকৰ ৰূপ।

    Russia Ukraine War

    Russia Ukraine War

    Best wishes

    Best wishes

  • Sports
  • Lifestyle
    • All
    • Entertainment
    • Fashion
    • Food

    মুম্বাই আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ (MIFF)

    Couple makes ‘history’ with longest underwater kiss on Valentine’s Day

    Couple makes ‘history’ with longest underwater kiss on Valentine’s Day

    Guwahati theatre actor gets Ustad Bismillah Khan Yuva Puraska

    Guwahati theatre actor gets Ustad Bismillah Khan Yuva Puraska

    Woodstock 1969 – The Legend Never Dies

    Woodstock 1969 – The Legend Never Dies

    Alexa

    Alexa

    সংগীত নাটক একাডেমী বঁটা ।

    সংগীত নাটক একাডেমী বঁটা ।

    Photo

    Photo

    Bird

    Bird

    Patience is power

    Patience is power

  • KK Fact Check
  • Viral FB Post
No Result
View All Result
Khatang Khabar
  • HOME
  • News
  • Others
  • Sports
  • Lifestyle
  • KK Fact Check
  • Viral FB Post
আপোনাৰ মানসিক চাপ আছে নেকি ? যদি আছে মানসিক চাপৰ পৰা হাত সাৰিবলৈ কৰক এই কেইটা কাম :

অসম আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ দুৰ্ধৰ্ষ গঁড়ৰ চোৰাং চিকাৰী

GOOD MORNING GUWAHATI. HAVE A GREAT DAY ....

আপোনাৰ মানসিক চাপ আছে নেকি ? যদি আছে মানসিক চাপৰ পৰা হাত সাৰিবলৈ কৰক এই কেইটা কাম :

Khatang Khobor by Khatang Khobor
December 16, 2022
in Health
0 0
Share on FacebookShare on Twitter

মানসিক চাপ দিনক দিনে আমাৰ আধুনিক জীৱনৰ এক অপৰিহাৰ্য অংগ হৈ পৰিছে। কিন্তু যদি আপুনি অনুভৱ কৰে যে আপুনি অহৰহ মানসিক চাপৰ দ্বাৰা আৱদ্ধ হৈ আছে, আতংকিত হৈ আছে তেন্তে সোনকালেই ইয়াক প্ৰতিকাৰ কৰাৰ কথা ভবা উচিত। কাৰণ মানসিক চাপে দীৰ্ঘকালীনভাৱে আপোনাৰ স্বাস্থ্যৰ ওপৰতো ইয়াৰ ভয়াৱহ প্ৰভাৱ পেলাব পাৰে। সেয়ে আজি আমি আপোনাক জনাব খুজিছোঁ মানসিক চাপৰ পৰা হ’বলগা ক্ষতিৰ পৰা প্ৰতিকাৰ লাভ কৰাৰ কেইটামান সহজ উপায় –

১. দীঘলকৈ উশাহ এটা লওক

মানসিকভাবে আক্ৰান্ত হৈ থাকিলে আমি বেগেৰে উশাহ নিশাহ নলওঁ। কাৰণ আমি যিকোনো মানসিক সমস্যাৰ সন্মুখীন হ’লে আমাৰ ষ্ট্ৰেছ হৰমনবোৰ নিঃসৰিত হয়। এই হৰমন বিলাকে আমাৰ মনটো ভাৰাক্ৰান্ত আৰু অস্থিৰ কৰি তোলে। কিন্তু আমি দীঘলীয়া উশাহ ললে আমাৰ এই ষ্ট্ৰেছ হৰমন বোৰ বন্ধ হৈ যায়। যাৰ ফলত আমাৰ পেশীবোৰে শিথিলতা লাভ কৰে। মগজুৱে একেলগে বহুত অক্সিজেন পায়। গতিকে যেতিয়া আপুনি মানসিক চাপ অনুভৱ কৰে তেতিয়া কমেও ২ মিনিট দীঘলকৈ উশাহ লওক। দীঘলকৈ উশাহটো লৈ কিছু সময় ভিতৰত ধৰি ৰাখি লাহেকৈ এৰি দিয়ক। এইটো কাম কৰিলে আপুনি মানসিক চাপৰ পৰা যথেষ্ট সকাহ লাভ কৰিব পাৰিব।

২. ইতিবাচক দিশবোৰৰ ওপৰত গুৰুত্ব দিয়ক

যিকোনো কঠিন পৰিস্থিতিত আপোনাৰ নেতিবাচক চিন্তা হোৱাটো স্বাভাৱিক। কিন্তু এই চিন্তাত যদি আপুনি ডুব যায় তেতিয়া সমস্যা দুগুণলৈ বৃদ্ধি পায়। কাৰণ, ই আপোনাৰ উদ্বেগ, আতংক অপ্ৰয়োজনীয়ভাৱে বৃদ্ধি কৰে। যেতিয়া কোনো নেতিবাচক চিন্তা মনলৈ আহে, তেতিয়া সেইটোক ইতিবাচক কিবা এটালৈ সলনি কৰিবলৈ চেষ্টা কৰক। এদিন বা দুদিনত কৰিব নোৱাৰিবও পাৰে। কিন্তু চেষ্টা কৰি যাওক। কাম আৰম্ভ কৰাৰ আগতে কল্পনা কৰক যেন কামটো ভালদৰে সম্পূৰ্ণ হৈ উঠিছে। এনে কৰিলে আপোনাৰ সমস্যা সমাধানত সহজ হ’ব আৰু মানসিক চাপৰ পৰাও আঁতৰি থাকিব পাৰিব।

৩. ৰাতিৰ টোপনিক অগ্ৰাধিকাৰ দিয়ক

যদি আমি ৰাতি ভালদৰে টোপনি নাযাও তেতিয়া আমি কাম কৰিবলৈ শাৰীৰিক আৰু মানসিক দুয়োটা শক্তিয়েই নাপাও। আমি যেতিয়া মানসিকভাবে ভাৰাক্ৰান্ত হৈ থাকোঁ তেতিয়া আমাৰ টোপনি কাগজৰ দৰে পাতল হৈ পৰে। নিদ্ৰাহীনতাই হৈ পৰে শৰীৰৰ আটাইতকৈ শক্তিশালী শত্ৰু। গতিকে ৰাতি ভালদৰে টোপনি মৰাত গুৰুত্ব আৰোপ কৰক। ৰাতি পলমকৈ টোপনি আহিলে চাহ বা কফি সদৃশ খাদ্য পৰিহাৰ কৰক। নিশাৰ আহাৰ লঘুকৈ খাওঁক। মোবাইল-টিভি-লেপটপৰ পৰ্দাৰ পৰা অহা নীলা পোহৰে আমাৰ স্বাভাৱিক টোপনিৰ প্ৰক্ৰিয়াত ব্যাঘাত জন্মায়। সেয়ে ৰাতি শুৱলৈ লোৱা কমেও দুঘণ্টা আগতে নীলা পোহৰ পৰিহাৰ কৰিব লাগে।

৪. ব্যায়াম

ৰক্তচাপ আৰু মানসিক চাপ নিয়ন্ত্ৰণত ব্যায়াম অতি গুৰুত্বপূৰ্ণ। ব্যায়ামৰ সময়ত যিবোৰ হৰম’ন নিৰ্গত হয়, সেইবোৰে আমাৰ মনটোক সতেজ কৰি তোলাৰ লগতে নতুনকৈ চিন্তা কৰাত সহায় কৰে। সেয়ে নিতৌ পুৱা বা গধূলি ব্যায়াম কৰক। অফিচত একেৰাহে বহি থকাৰ সলনি মাজে মাজে বাহিৰলৈ ওলাই গৈ ৫-১০ মিনিট খোজ কঢ়াৰ অভ্যাস কৰক। ইয়াৰ পিছত কামত বহিলে কামৰ বাবে নতুন প্ৰেৰণা লাভ কৰিব। অলপ বিৰতি লৈ কামত বহিলে হয়তো যিকোনো সমস্যাৰ সমাধান বিচাৰি পাব পাৰে!

৫. ধ্যান কৰক

ধ্যান কৰিলে মানসিক চাপ কমি যায়। ধ্যান-ধাৰণাই আমাক অধিক শান্তভাৱে চিন্তা কৰিবলৈ বহুদিনৰ পৰা সহায় কৰি আহিছে। বাহ্যিক চাপে তেতিয়া আমাৰ ওপৰত কম প্ৰভাৱ পেলায়। বহুতে ভাবে যে ধ্যান মানে ঘণ্টাৰ পিছত ঘণ্টা ধৰি একে ঠাইতে বহি থকা। ই একেবাৰেই কাৰ্যক্ষম পদ্ধতি নহয়। দিনটোত দুবাৰৰ পৰা তিনিবাৰকৈ ৫ৰ পৰা ১০ মিনিটলৈকে এটা ঠাইত নিৰৱে বহিব, মনহীনভাৱে নিজৰ উশাহ-নিশাহৰ ওপৰত গুৰুত্ব দিব। ইচ্ছা কৰিলে জীৱনৰ দৈনন্দিন ভাল কামবোৰৰ কথা ভাবিব পাৰে। প্ৰতিদিনে শুই উঠাৰ আগতে দিনটোত ঘটা সকলো ভাল কামৰ বাবে ধন্যবাদ দিয়ক, কৃতজ্ঞ হওক। ই আপোনাৰ মনটোক শান্ত কৰিব।

৬. ইতিবাচক মানুহৰ লগত থাকক

নেতিবাচক মানসিকতাৰ বন্ধু পৰিহাৰ কৰি ইতিবাচক মনৰ মানুহৰ লগত থাকক। এজন বা দুজন মানুহ বিচাৰি উলিয়াওক যাৰ লগত আপুনি আড্ডা মাৰি ভাল পায়, যিয়ে আপোনাক বুজি পায়। মানসিক চাপত থাকিলে বন্ধু বা পৰিয়ালৰ সৈতে অধিক সময় কটাব লাগে। আপোনাৰ সমস্যাবোৰ বুজাই দিয়ক। কিন্তু সমস্যাবোৰ শ্বেয়াৰ কৰিলে আপুনি মানসিক চাপমুক্ত হৈ থকাত সহায় লাভ কৰিব।

জীৱনত ঘটা প্ৰায়বোৰ অভাৱনীয় ঘটনা আমাৰ নিয়ন্ত্ৰণৰ বাহিৰত। কিন্তু তাৰ বাবে মন ভাঙিব নালাগে। বৰঞ্চ ন উদ্যমেৰে যুঁজি যাব লাগে। সেয়ে এই অভ্যাসবোৰেৰে নিজকে শান্ত কৰক। যাতে সকলো ধৰণৰ পৰিস্থিতিৰ সৈতে মোকাবিলা কৰাত আপুনি অনন্য হ’ব পাৰে।

 

Previous Post

অসম আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ দুৰ্ধৰ্ষ গঁড়ৰ চোৰাং চিকাৰী

Next Post

GOOD MORNING GUWAHATI. HAVE A GREAT DAY ….

Discussion about this post

Khatang Khabar

আমি অসমৰ স্থানীয় সংবাদ মাধ্যম। আমি এক যুৱ,স্বতন্ত্ৰ মঞ্চ। আমি গঢ়িম ন-ধাৰণাৰে আকৰ্ষণীয় সাংবাদিকতা

Browse by Category

  • Accident case
  • Assam
  • B'DAY WISHES
  • Crime
  • Culture
  • Death
  • Education
  • Entertainment
  • Environment
  • Fashion
  • Food
  • Good Morning
  • Health
  • Horoscope
  • International
  • JOB
  • Lifestyle
  • National
  • News
  • North-East
  • Others
  • Politics
  • Sports
  • Uncategorized

Recent News

4 symptoms indicating you have iron-deficiency anemia

4 symptoms indicating you have iron-deficiency anemia

February 27, 2023
Assam rocked by another gruesome murder case | Woman kills husbands with help of son

Assam rocked by another gruesome murder case | Woman kills husbands with help of son

February 27, 2023
  • Home
  • Privacy Policy
  • Terms & Conditions

© 2021 Developed & Maintained by ClickNext

No Result
View All Result
  • HOME
  • News
  • Others
  • Sports
  • Lifestyle
  • KK Fact Check
  • Viral FB Post

© 2021 Developed & Maintained by ClickNext

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist