আচৰিত ! মদৰ প্ৰতি আসক্ত এটা কুকুৰা।
কুকুৰাটো মহাৰাষ্ট্ৰৰ ভাণ্ডাৰা জিলাৰ পিপৰি গাঁৱৰ। এবাৰ এই কুকুৰাটো ৰোগত আক্ৰান্ত হৈছিল। এনে অৱস্থাত কাৰোবাৰ পৰা পোৱা তথ্যৰ ভিত্তিত মালিকে কুকুৰাটোক চিকিৎসা হিচাপে মদ দিবলৈ আৰম্ভ কৰিলে। কুকুৰাটো সুস্থ হৈ উঠিল, কিন্তু সি মদৰ প্ৰতি আসক্ত হৈ পৰিল। এতিয়া যদি এই কুকুৰাটোৱে মদ নাপায়, সি খোৱাও – বোৱাও বন্ধ কৰি দিয়ে।
এতিয়া কুকুৰাটোৰ মদৰ আসক্তি পূৰণ কৰিবলৈ মালিকে নিতৌ সুৰা দিয়ে। তেওঁ কয় যে এই কুকুৰাটো এতিয়া পৰিয়ালৰ সদস্যৰ দৰে হৈ পৰিছে, গতিকে তেওঁ নিতৌ পূৰণ কৰিব লাগিব। সুৰাৰ বাবে প্ৰতিমাহে দুহেজাৰ টকা খৰচ কৰিব লগা হৈছে।
Discussion about this post