জেঠী (হেমিডাইক্টালাছ, ইং: Hemidactylus সাধাৰণ নাম- house geckos) হ’ল গেক’ পৰিয়ালৰ অন্তৰ্গত এটা গণ। ইহঁতৰ প্ৰায় ৯০ বিধ প্ৰজাতি আছে। পৃথিৱীৰ অধিকাংশ অঞ্চলতে ইহঁতক দেখা পোৱা যায়। সাধাৰণতে জেঠীবোৰ মানুহৰ আৱাস স্থলৰ আশে-পাশে পোৱা যায়।
সাধাৰণতে প্ৰতিঘৰৰে বেৰৰ ফাকত বা দৰ্জা-খিৰিকীত জেঠী দেখা পোৱা যায়। ইহঁতে বেৰতো খোজ কাঢ়িব পাৰে। সৰু সৰু পতংগ আৰু সৰু অমেৰুদণ্ডী প্ৰাণী খাই জীয়াই থাকে। দেহটো ক্ষুদ্ৰ ক্ষুদ্ৰ মিহি বাকলিৰে আবৃত। বেৰত বগাব পৰাকৈ ইহঁতৰ আগ ঠেং আৰু পিছ ঠেঙৰ আঙুলি বোৰত আসংজক উপধান থাকে।
আমাৰ দেশত জেঠী দেখা আৰু জেঠী শৰীৰত পৰাৰ বিষয়ে বহুতো সংস্কাৰ আছে ! জ্যোতিষশাস্ত্ৰই কয়, জেঠীবোৰে আপোনাৰ ভাগ্যৰ ভাল কিম্বা শুভ বাৰ্তা আনিব পাৰে …
* ধৰি লওঁক আপুনি কথা পাতি আছে, যদি সেই সময়ত জেঠীটোৱে শব্দ কৰে, তেন্তে জ্যোতিষশাস্ত্ৰ অনুসৰি, আপুনি সেই সময়ত কোৱা শব্দটো অতি সোনকালে ফলপ্ৰসূ হ’ব!
* যদি আপুনি খাবলৈ বহুতে জেঠীৰ শব্দ শুনে, তেন্তে আপোনালৈ কিছুমান ভাল খবৰ আহিব বা সম্পদ প্ৰাপ্ত হ’ব।
* আপুনি ঘৰত এটা মৃত জেঠী দেখিছে বা যদি আপোনাৰ হাতত ভুলবশতঃ এটা জেঠী মৰে, তেন্তে লগে লগে মৃত জেঠীটো মাটিত পুতি দিয়ক। কাৰণ এইটো এটা অতি অশুভ লক্ষণ। সপোনত মৃত জেঠী এটা দেখিলেও, আপুনি জানিব যে আপোনাৰ কিবা বেয়া হ’ব ।
* যদি আপুনি সঙ্গমৰ সময়ত দুটা জেঠী দেখা পায়, আপুনি জানিব যে আপুনি আপোনাৰ মনৰ দৰে ব্যক্তি এজনক লগ পাব বা আপোনাৰ ভাগ্য উন্নত হ’ব।
* যদি আপুনি কোনো গুৰুত্বপূৰ্ণ কামলৈ যোৱাৰ আগতে দুটা জেঠী যুঁজি থকা দেখিছে, তেন্তে জানিব যে আপুনি যি কামৰ বাবে গৈ আছে সেয়া সফল নহ’বও পাৰে। যদি আপুনি সপোনত জেঠীৰ যুঁজ দেখিছে, তেন্তে আপুনি জানিব যে আপোনাৰ সন্মুখত বিপদ হ’ব।
* যদি জেঠীটো আপোনাৰ হাত বা শৰীৰত পৰে, তেন্তে বুজিব লাগিব যে আপোনাক অতি সোনকালে সন্মানিত কৰা হ’ব। কিন্তু যদি আহাৰৰ সময়ত জেঠীটো ভৰিৰ ওপৰত পৰে, তেন্তে বুজিব লাগিব যে আপুনি কেইদিনমানৰ ভিতৰত গুৰুতৰভাৱে অসুস্থ হ’ব।
* যদি আপুনি দেখিছে যে জেঠীটোৱে এটা পোক খাই আছে, তেন্তে আপুনি জানিব যে আপোনাৰ ওচৰত ধনপ্ৰাপ্তি যোগ আহি আছে । লোকচানো যোগো কাষতে থাকিব।
* যদি আপোনাৰ বাওঁ কান্ধত জেঠী এটা পৰে আপোনাৰ আয়ুস বৃদ্ধি হ’ব পাৰে। যদি ই সোঁ কান্ধত পৰে, তেন্তে তাৰ অৰ্থ হৈছে শক্তি যোগ দিয়া।
Discussion about this post