গৰ্ভধাৰণ কৰা পুৰুষৰ জন্ম হ’ল সন্তান! তৃতীয় লিংগ জিয়া-জাহাদৰ জীৱনলৈ আহিল সুখ!
উত্তৰ কেৰালাৰ পৰা অহা হিজড়া দম্পতী জাহাদ আৰু জিয়া পাভালে বুধবাৰে ছ’চিয়েল মিডিয়াত নিজৰ কেঁচুৱাটোৰ আগমনৰ কথা ঘোষণা কৰে।
“কোজিকোডৰ পৰা HT ৰ সৈতে কথা পাতি জিয়াই কয় যে তেওঁলোকে চিকিৎসালয় কৰ্তৃপক্ষক তেওঁৰ নাম মাতৃ আৰু জাহাদক পিতৃ হিচাপে পঞ্জীয়ন কৰিবলৈ অনুৰোধ কৰিব। এয়া ‘চি-চেকচন আছিল আৰু কেঁচুৱাটোৰ ওজন ২.৯২০ কিলোগ্ৰাম। পিতৃ আৰু কেঁচুৱাটো ঠিকেই আছে। আমি এতিয়াও লিংগৰ বিষয়ে সিদ্ধান্ত লোৱা নাই।’- সমৰ্থন কৰা সকলোকে ধন্যবাদ জনাই তেওঁ কয়। ‘জাহাদ পিতৃ হ’ব আৰু মই এতিয়াৰে পৰা গৌৰৱান্বিত মাতৃ হ’ম।”
জাহাদে ইতিমধ্যে গধুৰ হৰম’নৰ চিকিৎসা কৰি আছিল,কিন্তু দুয়োজনে চিকিৎসা স্থগিত ৰাখি পিতৃ-মাতৃ হোৱাৰ সিদ্ধান্ত লৈছিল।
যোৱা তিনি বছৰ ধৰি ২৩ বছৰীয়া জাহাদ আৰু ২১ বছৰীয়া ট্ৰেন্স মহিলা জিয়াই একেলগে বাস কৰি আহিছে। ল’ৰা হিচাপে জন্মগ্ৰহণ কৰা জিয়া পিছলৈ ছোৱালীলৈ ৰূপান্তৰিত হোৱাৰ বিপৰীতে জাহাদ ছোৱালীৰ পৰা ল’ৰালৈ সলনি হয়।
জাহাদ (২৩) এটা ব্যক্তিগত প্ৰতিষ্ঠানৰ একাউণ্টেণ্ট আৰু জিয়া (২১) শাস্ত্ৰীয় নৃত্যৰ শিক্ষয়িত্ৰী।
LGBTQIA সম্প্ৰদায়টোও সমানেই উল্লাসিত। “যুৱ দম্পতীহালে এটা ট্ৰেণ্ড স্থাপন কৰিছে। তেওঁলোকে সমাজক দেখুৱাই দিলে যে তেওঁলোক পিতৃ-মাতৃও হ’ব পাৰে। আমি সঁচাকৈয়ে সুখী।’- ট্ৰেন্স এক্টিভিষ্ট স্যামা এছ প্ৰভাই কয় যে দেশৰ ভিতৰতে এইটো প্ৰথম পদক্ষেপ।
Discussion about this post