বলিউডৰ জনপ্ৰিয় শ্বাহৰুখ খানৰ বহু প্রতীক্ষিত চলচ্চিত্র ‘পঠান’ অহা ২৫ জানুৱাৰীত চিত্ৰগৃহত প্রদর্শিত হ’ব। ইতিমধ্যে শ্বাহৰুখ আৰু দীপিকা পাড়ুকন অভিনীত এইখন ছবিৰ টিকটৰ অগ্রিম বুকিং অনলাইনত আৰম্ভ হৈছে। এদিনতে বিক্ৰী লক্ষাধিক টিকট।
চলচ্চিত্র সমালোচক তথা বাণিজ্যিক বিশ্লেষক তৰন আদৰ্শই সামাজিক মাধ্যমৰ জৰিয়তে প্ৰকাশ কৰা অনুসৰি ‘পঠান’ৰ ১,১৭,০০০ৰো অধিক টিকট ইতিমধ্যে অগ্রিম বুকিং কৰা হ’ল।
আদৰ্শই প্ৰকাশ কৰা তথ্য অনুসৰি, ‘পিভিআৰ’ত ‘পঠান’ৰ ৫১,০০০, আইয়নস্কত ৩৮,৫০০ আৰু চিনেপ’লিচত ২৭,৫০০ৰো অধিক টিকটৰ অগ্রিম বুকিং ইতিমধ্যে কৰা হৈছে।
হিন্দীৰ লগতে তামিল আৰু তেলেগুত অহা ২৫ জানুৱাৰীত দেশৰ প্ৰায় ৯৫০০ৰো অধিক পৰ্দাত ‘পঠান’ প্ৰদৰ্শন কৰা হ’ব।
শ্বাহৰুখৰ এজন অনুৰাগীয়ে ‘পঠান’ দৰ্শনৰ বাবে এটা চিত্ৰগৃহৰ সকলোবোৰ টিকট অনলাইনযোগে শ্বাহৰুখ অনুৰাগীৰ বাবে বুক কৰিলে। শ্বাহৰুখৰ এইজন অনুৰাগী মুম্বাইত বাস কৰে আৰু তেওঁ মুম্বাইৰ গেইটি গেলেক্সি চিত্ৰগৃহৰ পুৱা ন বজাৰ দৰ্শনীৰ সকলোবোৰ টিকট বুক কৰিছে।
‘পঠান’ৰ জৰিয়তে কিং খানে চাৰি বছৰৰ পাছত চিত্ৰগৃহত আত্মপ্রকাশ কৰিব।
মুম্বাইৰ এজন শ্বাহৰুখৰ অনুৰাগীয়ে ‘পঠান’ দৰ্শনৰ বাবে এটা চিত্ৰগৃহৰ সকলোবোৰ টিকট অনলাইনযোগে শ্বাহৰুখ অনুৰাগীৰ বাবে বুক কৰিলে।
Discussion about this post