ডিজিটেল ডেস্ক: অপেক্ষাৰ অন্ত পেলাই আৰ্জেন্টিনাই জয় লাভ কৰিছে ফিফা বিশ্বকাপ ২০২২ত। ফুটবল প্ৰেমীৰ বাবে আজিৰ এই খেলখন আছিল অতি গুৰুত্বপূৰ্ণ। কিয়নো আন্তঃৰাষ্ট্ৰীয় খেলৰ পৰা আজিৰে পৰা বিদায় ল’লে মেছীয়ে।
আৰ্জেন্টিনাৰ ফুটবলাৰ লিয়নেল মেছি, যাক কোৱা হয় মাৰাডোনাৰ উত্তৰসূৰী বুলি । তেওঁ এই নামৰ মান ৰাখিলে। তেওঁৰ অন্তিমখন বিশ্বকাপৰ খেলত অনুৰাগীক দিলে বিশেষ উপহাৰ।
আজিৰ পৰা ১৯ বছৰ পূৰ্বে স্পেইনৰ অন্যতম ক্লাব বাৰ্ছিলোনাৰ হৈ জ্যেষ্ঠ দলটোত জীৱনৰ প্ৰথমখন খেলত অৱতীৰ্ণ হৈছিল মেছি । তেতিয়াৰ পৰাই নিজৰ যাদুৰে বিশ্ববাসী তথা ফুটবল প্ৰেমীৰ মন মুহি আহিছে।
নীলা আচঁ পৰা জাৰ্ছীটোৰ সৈতে মেছিক পাহৰিব নোৱাৰে ফুটবল প্ৰেমীয়ে। ফ্ৰান্সৰ দুৰ্দান্ত প্ৰদৰ্শনক নেওচি মেছিবাহিনীয়ে ইতিহাসত লিপিবদ্ধ কৰিলে নিজৰ নাম।
Discussion about this post