টুইটাৰত এটা ভিডিঅ’ পোষ্ট এতিয়া ভাইৰেল হৈ পৰিছে, পোষ্টটো কৰিছিল আই পি এছ দিপাংশ কাবৰাই । বিষয়াগৰাকীয়ে ভিডিঅ’টো পোষ্ট কৰি কেপচন দিছিল, আৰু #FatherOfTheYear Award goes to…” ।
পোষ্টটোত স্কুলৰ মঞ্চত কণমানি এজনী ছোৱালীক নাচি থকা দেখা গৈছে। মঞ্চৰ সন্মুখভাগ, ক্লিপটোত, আন শিশু আৰু অভিভাৱকে দখল কৰিছে যিয়ে নিজৰ সন্তানৰ অভিনয় মঞ্চত চাবলৈ আৰু ৰেকৰ্ড কৰিবলৈ আগ্ৰহী।
পিতৃয়ে দেখে যে তেওঁৰ ছোৱালীয়ে নাচৰ step বোৰ পাহৰি পিছ পৰি ৰয়। তাৰ পিছত দেউতাকে লগে লগে মনত পৰা step বোৰ দেখুৱাবই কন্যাক সহায় কৰে। ছোৱালীজনীয়ে ভিৰৰ মাজত দেউতাকক দেখি দ্ৰুতগতিত পুনৰ নাচিবলৈ ধৰে। ভিডিঅ’টোত লগতে দেখা গৈছে যে শিক্ষক বুলি ধৰা এগৰাকী মহিলাও তেনেকৈ মঞ্চৰ ওচৰত থিয় হৈ শিশুসকলক সহায় কৰি আছিল।
Discussion about this post