ইতিহাসৰ চতুৰ্থ বৃহত্তম চিনেমা হিচাপে পৰিগণিত হৈছে ‘অৱতাৰ: দ্য ৱে অৱ ৱাটাৰ’
‘Star Wars: The Force Awakens’ ক অতিক্ৰম কৰিলে ‘অৱতাৰ: দ্য ৱে অৱ ৱাটাৰ’ য়ে!
ভেৰাইটিৰ তথ্য অনুসৰি ‘অৱতাৰ: দ্য ৱে অৱ ৱাটাৰ’ সৰ্বকালৰ চতুৰ্থ সৰ্বাধিক উপাৰ্জনকাৰী ছবি হিচাপে পৰিগণিত হৈছে। পৰিচালক জেমছ কেমেৰনৰ এই বিজ্ঞান-কল্পকাহিনী মহাকাব্যখনে এতিয়া বিশ্বজুৰি ২.০৭৫ বিলিয়ন মাৰ্কিন ডলাৰ উপাৰ্জন কৰিছে।
উদ্যোগৰ সূত্ৰই জনোৱা মতে, জেক চুলি (ছেম ৱৰ্থিংটন) আৰু নেইটিৰি (জো ছালডানা) পৰিয়ালৰ আন্তঃপ্ৰজন্মৰ কাহিনী আগবঢ়াই নিবলৈ চতুৰ্থ আৰু পঞ্চম ‘অৱতাৰ’ নিৰ্মাণ কৰা হ’ব। ইতিমধ্যে শীঘ্ৰেই ছবিঘৰত মুক্তিৰ কথা আছে তৃতীয় ‘অৱতাৰ’ ।
‘অৱতাৰ: দ্য ৱে অৱ ৱাটাৰ।
Discussion about this post