অসমৰ চলচ্চিত্ৰ বাবে এটি অতি গৌৰৱ তথা আনন্দৰ খবৰ যে ২০২২ বৰ্ষৰ ভাৰতীয় চলচ্চিত্ৰ প্ৰতিষ্ঠান (ইণ্ডিয়ান ফিল্ম ইনষ্টিটিউট)ৰ দহখন শ্ৰেষ্ঠ ভাৰতীয় চিনেমাৰ তালিকাত স্থান লাভ কৰিছে প্ৰযোজক,পৰিচালক কংকন ডেকাৰ দৰঙী থলুৱা ভাষাৰ ছবি উপসৰ্গই।
উল্লেখনীয় যে, ১০ জানুৱাৰী, ২০২৩ ত অনুষ্ঠিত হৈ যোৱা পঞ্চম শৈলধৰ বৰুৱা চলচ্চিত্ৰ বঁটা অনুষ্ঠানতো উপসৰ্গই জুৰীৰ বিশেষ উল্লেখৰ স্বীকৃতি লাভ কৰিবলৈ সক্ষম হৈছিল। “বিউটিফুল লাইভছ”ৰ পিছত প্ৰযোজক,পৰিচালক কংকন ডেকাৰ দ্বিতীয়খন বাস্তৱধৰ্মী ছবি আছিল উপসৰ্গ। অসমৰ পটভূমিতেই একেবাৰেই সাধাৰণ তথা খাটি খোৱা মানুহৰ অভাৱক্লীষ্ট অৱস্থাই তেওঁলোকক কিদৰে এক অপৰাধমুখীতাৰ দিশলৈ আগুৱাই নিয়ে,তাৰেই এখন সঁচা ছবি উপসৰ্গ।
দৰঙীয়া ভাষাত (কথিত ভাষা)ত নিৰ্মিত ছবিখন এক ৰুঢ়, তিক্ত বাস্তৱৰ ছবি। আৱহ সংগীতত ওজাপালিৰ সুন্দৰ ব্যৱহাৰ এক উল্লেখনীয় দিশ, আনহাতে কাহানিও অভিনয় নকৰা দুজন ব্যক্তিক মূখ্য চৰিত্ৰত সম্পূৰ্ণ সহজ – সৰল অভিনয় কৰোৱা পৰিচালকৰ আন এক প্ৰশংসনীয় দিশ।
Discussion about this post