নতুন বৰ্ষ উপলক্ষে সমগ্র দেশতে বিভিন্ন সাংস্কৃতিক অনুষ্ঠান আয়োজন কৰা দেখা গৈছে । ভাৰতীয় সংগীত জগতৰ অন্যতম শীৰ্ষ সংগীত শিল্পী হৈছে অৰিজিৎ সিং ।
আনন্দমুখৰ এই সময়ছোৱাত এই শিল্পীজন আজি মুম্বাই , কালি দিল্লী , কলকাতা আদি কৰি বিভিন্ন ঠাইত সংগীতানুষ্ঠান কৰি থকা পৰিলক্ষিত হৈছে ।
কিছুদিন পাছত কলকাতাৰ অন্য এটা লাইভ কনচাৰ্টত উপস্থিত থকাৰ কথা আছিল শিল্পীজন । কলকাতাৰ ইক’পাৰ্কে আয়োজন কৰা এই কনচাৰ্টৰ টিকটৰ মূল্য আছিল ২৫ ৰ পৰা ৫০ হাজাৰ টকা পৰ্যন্ত ।
কিন্তু এতিয়া খবৰ প্ৰকাশ পাইছে যে, ৫০ হাজাৰ টকা দিলেও অৰিজিতৰ সংগীতানুষ্ঠান প্ৰত্যক্ষ কৰিব নোৱাৰিব কোনো অনুৰাগীয়ে । যিহেতু অৰিজিতৰ এই কনচাৰ্ট বাতিল কৰা হৈছে ।
প্ৰাপ্ত তথ্য অনুসৰি , কিছুদিন পূৰ্বে কলকাতা আন্তৰ্জাতিক চলচ্চিত্ৰ উৎসৱৰ উদ্ধোধনী অনুষ্ঠানত উপস্থিত আছিল এই জনপ্ৰিয় শিল্পীজন ।
য’ত মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ সন্মুখত তেওঁ ” গেৰুৱা ” শীৰ্ষক গীতটো পৰিবেশন কৰিছিল । সেইলৈ চ’ছিয়েল মিডিয়াত শিল্পীজনক সাংঘাতিক ধৰণে ট্ৰোল কৰা দেখা গৈছিল ।
Discussion about this post