ডিজিটেল ডেস্ক: বলীউড আৰু বিতৰ্ক যেন এটা মুদ্ৰাৰ ইপিঠি সিপিঠিহে।কাৰণ যিয়েই নহওঁক কিয়, প্ৰায় সকলো সময়তে বিতৰ্কত থাকে বলীউড। শেহতীয়াকৈ এই বিতৰ্কত নাম অন্তৰ্ভুক্ত হৈছে বলীউডৰ কিং খান শ্বাহৰুখ খানৰ। হয়, মুক্তিৰ অপেক্ষাত থকা বহুচৰ্চিত ছবি পাঠানক কেন্দ্ৰ কৰি ৰোষৰ বলি হ’বলগীয়া হৈছে শ্বাহৰুখ খান।ছবিখনত শ্বাহৰুখৰ বিপৰীতে অভিনয় কৰা দীপিকা পাডুকনে ছবিখনৰ এটা বিশেষ গানত পৰিধান কৰা কাপোৰৰ ৰঙক কেন্দ্ৰ কৰি এই বিতৰ্কৰ সূত্ৰপাত হয়।
বিজেপি নেতা নৰোত্তম মিশ্ৰাই গানটোত দীপিকা পাডুকনে পিন্ধা ‘বিকিনি’ত আপত্তি দৰ্শায়। উল্লেখ্য, এই বিকিনিৰ ৰং গেৰুৱা হোৱা বাবে গেৰুৱা ৰঙক অপমান কৰা বুলি অভিযোগ কৰিছিল নৰোত্তম মিশ্ৰাই। আনহাতে, আন বহুতো হিন্দু সংগঠনৰ নেতাসকলেও ছবিখনৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছিল। ক্ষোভত ফাটি মধ্য প্ৰদেশৰ একাংশ হিন্দু সংগঠনে ইন্দোৰত শ্বাহৰুখ খানৰ প’ষ্টাৰ জ্বলাই দিও ইয়াৰ প্ৰতিবাদ কৰে।
ইফালে পাঠানৰ বিতৰ্ক শেষ নহওঁতেই শ্বাহৰুখৰ সন্মুখত আন এক বিপদে দেখা দিছে।একাংশ হিন্দু সংগঠনে শ্বুটিং চলি থকা শ্বাহৰুখৰ আন এখন বহুচৰ্চিত ছবি ‘ডাঙ্কি’ক লৈ পুনৰ বিতৰ্কৰ সৃষ্টি কৰিছে।কৰ্ণী সেনাই শ্বাহৰুখৰ বিৰুদ্ধে গেৰুৱা ৰঙক অপমান কৰাৰ অভিযোগ উত্থাপন কৰি ‘পাঠান’ ছবিখনক লৈ নিষেধাজ্ঞা জাৰি কৰাৰ লগতে ‘ডাঙ্কি’ ছবিখনৰ শ্বুটিং বন্ধ কৰি দিয়াৰ হুংকাৰ দিয়ে।
উল্লেখ্য, সিদ্ধাৰ্থ আনন্দে পৰিচালনা কৰা ‘পাঠান’ ছবিখনৰ প্ৰযোজনাৰ দায়িত্বত আছে আদিত্য চোপ্ৰা।মুক্তিৰ পূৰ্বেই বিতৰ্কত ঘেৰ খোৱা এই ছবিখন আগন্তুক বৰ্ষৰ ২৫ জানুৱাৰীত ছবিগৃহলৈ আহিব।আনহাতে, ‘ডাঙ্কি’য়েও ২০২৩ৰ শেষৰ ফালে মুক্তি পাব।
Discussion about this post