দক্ষিণ ভাৰতীয় চলচ্চিত্ৰৰ আৰআৰআৰ (RRR)য়ে গোল্ডেন গ্লোব ২০২৩ বঁটা প্ৰদান অনুষ্ঠানত ইতিহাস ৰচনা কৰে। চলচ্চিত্ৰখনৰ তেলেগু গীত ‘নাটু নাটু’য়ে শ্ৰেষ্ঠ গীতৰ বঁটা লাভ কৰিবলৈ সক্ষম হয়।
‘আৰআৰআৰ’ বোলছবিখন যোৱা বৰ্ষৰ মাৰ্চ মাহত ছবিগৃহত মুক্তি দিয়া হৈছিল। এই ছবিখনে বক্স অফিচত ১২০০ কোটিতকৈও অধিক উপাৰ্জন কৰিছে।
বিশ্বৰ বহু চৰ্চিত এৱাৰ্ড শ্বটোত কেইবাখনো ছবিয়ে প্ৰতিদ্বন্দিতা কৰিছিল। ভাৰতৰ পৰা দক্ষিণ ভাৰতীয় চিনেমা ব্লকবাষ্টাৰ আৰআৰআৰ ‘গোল্ডেন গ্লোব এৱাৰ্ডচ ২০২৩’ৰ বাবে মনোনয়নত আছিল।
আৰআৰআৰ(RRR) চলচ্চিত্ৰৰ নিৰ্দেশক হৈছে এছ এছ ৰাজামৌলী। তেলেগু গীত ‘নাটু নাটু’য়ে শ্ৰেষ্ঠ গীতৰ বঁটা গোল্ডেন গ্লোব লাভ কৰে।
Discussion about this post