অভিলেখ ৰচনা কৰি অসমীয়া ছবিজগতত আলোড়ন সৃষ্টি কৰা ডক্তৰ বেজবৰুৱা ২’-এ প্ৰৱেশ কৰিলে ২ কোটিৰ ক্লাবত ৷
এক সংবাদমেলত ডক্তৰ বেজবৰুৱা ২ৰ প্ৰযোজক ড০ সঞ্জীৱ নাৰায়ণে কয় যে ‘ডক্তৰ বেজবৰুৱা ২-এ অসমীয়া ছবিৰ সকলো অভিলেখ ভংগ কৰিলে। দীৰ্ঘ বিৰতিৰ অন্তত এখন অসমীয়া ছবিক সৰ্বস্তৰৰ দৰ্শকে আদৰি লোৱাত ধন্যবাদ জনাইছে ছবিখনৰ নিৰ্মাতা গোষ্ঠী এ এম টেলিভিছনে।
কেৱল সিমানেই নহয় book my showৰ তালিকাত ১০ৰ ভিতৰত ৯.১ পইণ্ট লাভ কৰিছে ‘ডক্তৰ বেজবৰুৱা ২’ই। যি সময়ত ‘পাঠান’ ছবিখন সর্বত্র চর্চিত আছিল, সেই সময়ত ‘ডক্তৰ বেজবৰুৱা book my showৰ ৰেটিঙত ‘পাঠান ক অতিক্ৰম কৰিলে।
প্ৰতিদিনে অসমৰ ছবিঘৰত গড় হিচাপে ২০০টা দর্শনী প্ৰদৰ্শিত হৈছে আৰু প্ৰতিটো দর্শনীয়েই ‘হাউছফুল’। ১৫০০ দর্শনী সম্পূর্ণ হাউছফুল’ অসমীয়া বোলছবিৰ আন এক অভিলেখ কেৱল অসমতেই নহয়, দিল্লী, বাংগালুৰু, চেন্নাইত ‘ডক্তৰ বেজবৰুৱা ২’ চাবলৈ ছবিঘৰত দর্শক উবুৰি খাই পৰিছে।
ছবিঘৰ আৰু ভ্ৰাম্যমাণ প্ৰদৰ্শনীৰ উপৰি ডক্তৰ বেজবৰুৱা ২’ প্রদর্শিত হ’ব PRAGPLAY নামৰ OTT প্লেটফৰ্মত।
প্রযোজক ডাঃ অক্ষতা নাৰায়ণেও লগতে কয় যে অসমীয়া ছবিলে সোণালী যুগ ঘূৰি আহিছে।
Discussion about this post