ভূটানৰ TSHECHU উৎসৱত –
ভাৰতৰ সীমা বন্ধু ভূটানৰ ছানদ্ৰুপ জংকাৰ জিলাত তিনিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে ভূটানৰ বিখ্যাত আৰু বৃহত্তৰ উৎসৱ TSHECHU উৎসৱ । ভূটানৰ ছানদ্ৰুপ জংকাৰত চলি আছে এই TSHECHU উৎসৱ।
প্ৰতি বছৰে উদযাপন কৰি অহাৰ দৰে এই বছৰটো ধাম-ধুমৰে অতি সন্দুৰকৈ উদযাপন কৰিছে TSHECHU উৎসৱ। উল্লেখ্য যে TSHECHU উৎসৱ ভূটানৰ বৃহৎ ধৰ্মীয় উৎসৱ।
এই উৎসৱ ঘাইকৈ বৌদ্ধ ধৰ্মাৱলম্বীসকলে সামাজিক সাজ-পোচাক পৰিধান কৰি “মাস্ক ডান্স” নৃত্যত অংশগ্ৰহণ কৰে। জানিব পৰা মতে গুৰু ৰিনপছি বা পাদ্মা ছামপাভাই এই ‘মাস্ক ডান্স’ক সংস্কৃতি উন্নয়ন আৰু পৰিয়ালত একটা অনাৰ লক্ষ্যৰে প্ৰথমে আৰম্ভ কৰিছিল।
কালক্ৰমক ইয়াক TSHECHU উৎসৱ বুলি উদযাপন কৰা হয়।
Discussion about this post