ভোগৰ উৎসৱ ভোগালীৰ দিনটোত ৰাজ্যৰ মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মা উপস্থিত হয় অসম ৰাজ্যিক চিৰিয়াখানাত ৷
চিৰিয়াখানাত উপস্থিত হৈ মুখ্যমন্ত্ৰী গৰাকীয়ে বিষয়া- কৰ্মচাৰীৰে মতবিনিময় কৰাৰ লগত চৌহদ দৰ্শন কৰি আনন্দিত হৈ পৰে ৷
উল্লেখ্য যে মুখ্যমন্ত্ৰী গৰাকীয়ে নিজেই গাড়ী চলাই উপস্থিত হৈছিল চিৰিয়াখানাত ৷ মুখ্যমন্ত্ৰী গৰাকীয়ে সংবাদ মাধ্যমত কয়, ৰাজ্যিক চিৰিয়াখানাত ইয়াৰ জীৱ-জন্তু আৰু চৰাই-চিৰিকটিৰ কলৰৱৰ মাজত কিছু অনাবিল সময় কটাবলৈ পাই যথেষ্ট আনন্দিত হৈছোঁ। চিৰিয়াখানাৰ সমগ্ৰ অংশ পৰিদৰ্শন কৰি ইয়াৰ উন্নয়নৰ পৰিসৰৰ বুজ লয়। আৰু লগতে তেখেতে কয় আমাৰ চিৰিয়াখানাখনক এক আটাইতকৈ আকৰ্ষণীয় পৰ্যটনস্থলী হিচাপে গঢ়ি তুলিবলৈ ব্যৱস্থা গ্ৰহণ কৰিব।
চিৰিয়াখানা পৰিচালনা আৰু পশু প্ৰজননত বৃহৎ সফলতা লাভ কৰা দেশৰ বিভিন্ন ঠাইৰ চিৰিয়াখানাসমূহলৈ বিষয়াসকলক পঠিয়াবলৈ পৰিৱেশ আৰু বন বিভাগক নিৰ্দেশনা প্ৰদান কৰিছে।
তেওঁলোকক বিশদ অধ্যয়নৰ দ্বাৰা চিৰিয়াখানাখনৰ বাবে আগন্তুক বাজেটত চৰকাৰে সিদ্ধান্ত ল’ব পৰাকৈ এক বিশদ কাৰ্য পৰিকল্পনা প্ৰস্তুত কৰিবলৈ নিৰ্দেশনা প্ৰদান কৰিছে।
মুখ্যমন্ত্ৰী গৰাকীয়ে আৰু কয় যে,চিৰিয়াখানাৰ পৰিচালনা সমিতিক সাধাৰণ নাগৰিক, শিশু, ছাত্ৰ-ছাত্ৰীৰ বাবে অধিক স্থান সৃষ্টি কৰিবলৈ আহ্বান জনোৱাৰ লগতে চিৰিয়াখানাখন বিশেষকৈ প্ৰাণীবিজ্ঞান আৰু উদ্ভিদ বিজ্ঞানৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে তথ্যৰ ভঁৰাল হৈ পৰাৰ আশা কৰে ।
মুখ্যমন্ত্ৰীক সংগ দিয়ে ৰাজ্যসভাৰ সাংসদ সাংসদ পৱিত্ৰ মাৰ্ঘেৰিটা, অতিৰিক্ত মুখ্য সচিব ৰবিশংকৰ প্ৰসাদ, পি চি চি এফ (বন্যপ্ৰাণী) এম কে যাদৱে ।
Discussion about this post