৯০ বছৰতকৈও অধিক সময়ৰ পাছত মণিপুৰৰ লোকটক হ্ৰদত দেখা পোৱা গ’ল বিৰল প্ৰজাতিৰ হাঁহ গ্ৰেটাৰ স্কাউপ (Greater Scaup)।
মণিপুৰৰ বিষ্ণুপুৰ জিলাৰ লোকটক হ্ৰদত শেহতীয়াকৈ ৯০ বছৰতকৈও অধিক সময়ৰ ব্যৱধানৰ অন্তত স্থানীয়ভাৱে সদাংমান নামেৰে জনাজাত গ্ৰেটাৰ স্কাউপ নামৰ এটা বিৰল প্ৰজাতিৰ হাঁহ দেখা গৈছে।
গ্ৰেটাৰ স্কাউপ হৈছে মজলীয়া আকাৰৰ ডাইভিং হাঁহ প্ৰজাতি যি এনাটিডে পৰিয়ালৰ অন্তৰ্গত।
শীতকালত বিলুপ্তপ্ৰায় চৰাইকে ধৰি বিভিন্ন প্ৰজাতিৰ চৰাইয়ে প্ৰতি বছৰে লোকটক হ্ৰদলৈ প্ৰব্ৰজন কৰে।
Discussion about this post