কেইবামাহো অপেক্ষাৰ অন্তত শনিবাৰে মধ্যপ্ৰদেশৰ কুনো পাৰ্কত উপস্থিত হ’বলৈ সাজু হৈছে দক্ষিণ আফ্ৰিকাৰ পৰা অনা ১২টা চিতা।
ইয়াৰ পূৰ্বেও ১৭ ছেপ্তেম্বৰ ২০২২ চনত নামিবিয়াৰ পৰা ৮ টা চিতা অনা হৈছিল।
শুকুৰবাৰে সন্ধিয়া দক্ষিণ আফ্ৰিকাৰ গাউটেঙৰ অ’ আৰ টাম্বো আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ পৰা ভাৰতীয় বায়ুসেনাৰ পৰিবহণ বিমানত উঠি হাজাৰ হাজাৰ মাইল দূৰৈৰ নতুন ঘৰলৈ যাত্ৰা আৰম্ভ কৰিব ৭টা মতা আৰু ৫টা মাইকী আফ্ৰিকা চিতা।
প্ৰকল্পৰ অংশগ্ৰহণকাৰী তথা বিশেষজ্ঞগৰাকীয়ে কয় যে দক্ষিণ আফ্ৰিকাৰ চিতাকেইটা শনিবাৰে পুৱা Gwalior Air Force base in MP বায়ুসেনা ঘাটিত উপস্থিত হ’ব আৰু ৩০ মিনিটৰ পিছত আই এ এফৰ হেলিকপ্টাৰেৰে প্ৰায় ১৬৫ কিলোমিটাৰ দূৰৈৰ শ্বেওপুৰ জিলাৰ কে এন পিলৈ লৈ যোৱা হ’ব।
বিশেষজ্ঞসকলে জনোৱা মতে, নিশা প্ৰায় ১২ বজাত কেএনপিত অৱতৰণ কৰাৰ পিছত তেওঁলোকক আধা ঘণ্টাৰ পিছত (১২.৩০ বজাত) কোৱাৰেণ্টাইন বোমা (এনক্ল’জাৰ)ত ৰখা হ’ব।
কেএনপিৰ সঞ্চালক উত্তম শৰ্মাই কয় যে তেওঁলোকে দক্ষিণ আফ্ৰিকাৰ চিতাৰ বাবে ১০টা কোৱাৰেণ্টাইন বোমা স্থাপন কৰিছে।
বিশেষজ্ঞসকলে জনোৱা মতে, ২০২২ চনৰ ছেপ্টেম্বৰৰ আৰম্ভণিতে দক্ষিণ আফ্ৰিকাৰ এটা প্ৰতিনিধি দলে বন্যপ্ৰাণী অভয়াৰণ্যত বিশ্বৰ দ্ৰুততম স্থলজ প্ৰাণীক ৰখাৰ ব্যৱস্থা চাবলৈ কেএনপি ভ্ৰমণ কৰিছিল।
স্তন্যপায়ী প্ৰাণীসমূহৰ স্থানান্তৰকৰণৰ বাবে যোৱা মাহত ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হৈছিল। South Africa has donated these big cats to India. অৱশ্যে ভাৰতে আফ্ৰিকান ৰাষ্ট্ৰখনক প্ৰতিটো চিতা ধৰাৰ বাবে ৩ হাজাৰ মাৰ্কিন ডলাৰ দিব লাগিব।
ভাৰতে ২০২২ চনৰ আগষ্ট মাহত এই দক্ষিণ আফ্ৰিকাৰ চিতাবোৰক বিমানেৰে লৈ অনাৰ পৰিকল্পনা কৰা হৈছিল যদিও , তেনে কৰাত সফল নহ’ল। ইয়াৰ কাৰণ আছিল দক্ষিণ আফ্ৰিকা আৰু ভাৰতৰ মাজত আনুষ্ঠানিক ট্ৰেন্সলকেচন চুক্তি স্বাক্ষৰ কৰাত কিছু পলম হৈছিল।
Discussion about this post