বলিউদৰ হিট ছবি ‘থ্ৰী ইডিয়টছ’ৰ প্ৰধান চৰিত্ৰৰ অনুপ্ৰেৰণা আছিল লাডাখৰ সমাজ সংস্কাৰক সোণম ৱাংচুক । সোণম ৱাংচুকে অহা ২৬ জানুৱাৰীৰ গণৰাজ্য দিৱসৰ দিনাৰ পৰা পাঁচ দিনলৈ অনশন ধৰ্মঘট কৰিব । মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছ তাপমানৰ পৰিৱেশত খাৰ্ডুংলা অঞ্চলত তেওঁ এই অনশনত বহিব ।
প্ৰধানমন্ত্ৰীলৈ আহ্বান জনাই ৱাংচুকে কয় যে লাডাখত হিমবাহৰ বিলুপ্তি অৱধাৰিত হৈ পৰিছে । গতিকে লাডাখক ৰক্ষা নকৰিলে জলবায়ু পৰিৱৰ্তনে ভাৰতৰ লগতে পৃথিৱীৰ বিভিন্ন প্ৰান্তক অস্থিৰ কৰি তুলিব । হিমালয় অঞ্চলক ঔদ্যোগিক ক্ষেত্ৰৰ প্ৰদূষণৰ পৰা ৰক্ষা কৰিবলৈও তেওঁ প্ৰধানমন্ত্ৰীৰ প্ৰতি আহ্বান জনায় ।
Discussion about this post