চৌপাশে কেৱল ঋণাত্মক খবৰ। অৱশ্যে এনে পৰিৱেশৰ মাজতে আহিছে এক আশাৰ খবৰ। পদুম ফুলৰ পৰাও তৈয়াৰ কৰিব পাৰিব কাপোৰ। পদুম ফুলৰ পৰা কাপোৰ তৈয়াৰ কৰিয়েই এগৰাকী যুৱতীয়ে সংস্থাপনৰ বাট মুকলি কৰিছে।
ভৌগোলিক বিশিষ্টতা থকা অসমৰ পাট-মুগা শিল্পৰ যিদৰে সমগ্ৰ বিশ্বতে সুনাম আছে, ঠিক তেনেদৰে মণিপুৰৰ বিজিয়া শান্তি টংব্ৰাম নামৰ যুৱতী গৰাকীয়ে নতুনকৈ পুদম ফুলৰ আঁহৰে তৈয়াৰ কৰা ৰেচমী কাপোৰে দেশৰ বয়নশিল্পৰ ক্ষেত্ৰখনত এক নতুন সম্ভাৱনাৰ বাট মুকলি কৰিছে। বিজিয়া শান্তি টংব্ৰামৰ এই অভিনৱ ৰেচমী বয়নশিল্পই সম্প্ৰতি দেশজুৰি চৰ্চা লাভ কৰিছে ।
বিজিয়া শান্তি টংব্ৰামৰ ঘৰ মণিপুৰৰ বিষ্ণুপুৰ জিলাৰ থাংগা টংব্ৰাম নামৰ এখন সৰুগাঁৱত । তেওঁৰ ঘৰৰ পৰা মাত্ৰ কেই কিলোমিটাৰ মান দূৰত আছে লোকটক নামৰ উত্তৰ-পূব অঞ্চলৰ সৰ্ববৃহৎ মিঠা পানীৰ হ্ৰদ।
অসংখ্য সৰু সৰু দ্বীপৰ এই হ্ৰদটোক ফুমডিছ নামেৰে জনাজাত। এই লোকটক হ্ৰদত ফুলি থকা হাজাৰ হাজাৰ পদুম ফুলৰ বাবে বিখ্যাত। সাধাৰণতে মণিপুৰৰ মেইটেই জনগোষ্ঠীৰ লোকসকলে পদুম ফুলক দেৱতাসকলকৰ প্ৰসাদ হিচাপে ব্যৱহাৰ কৰে আৰু লগতে অন্যান্য পূজা পাৰ্বনত অনুষ্ঠানত ব্যৱহাৰ কৰে ।
কিন্তু বিজিয়াশান্তিয়ে পূজাত ব্যৱহাৰৰ পিছত পেলাই দিয়া পদুমৰ ঠাৰিৰ আঠাৰ পৰা ৰেচমৰ দৰে কোমল আঁহ উলিয়াই তাৰ পৰা সূতা তৈয়াৰ কৰাৰ কৌশল শিকিছে। তেওঁ এই পদুম ফুলৰ ৰেচমী সূতাৰে স্কাৰ্ফ, ষ্টোল, নেকটাই আৰু অন্যান্য সাজ-পোছাক বনাই অকল স্বাৱলম্বীয়ে হোৱাই নহয়, আন্তৰ্জাতিক ভাৱে বিশেষ সমাদৰ লাভ কৰিবলৈকো সক্ষম হৈছে।
Discussion about this post