ছিপাঝাৰৰ অন্তৰ্গত ইতিহাস প্ৰসিদ্ধ বৰদৌলগুৰিৰ প্ৰায় সত্তৰটা পৰিয়ালক লৈ গঠিত ককাইতোলা গাওঁ ।
ককাইতোলা গাওঁতে মাঘ বিহুৰ বাবে নিৰ্মাণ কৰা হৈছিল এটা ভেলাঘৰ। বৰ হেঁপাহৰে সাজিছিল ভেলাঘৰটো ককাইতোলা বাসীয়ে । পিছে উৰুকাৰ পূৰ্বেই ভেলাঘৰত বাঁহ সাজিলে এযোৰ কপৌ চৰাইয়ে। আনকি কণীও পাৰিলে কপৌ হালে ।
যাৰ বাবে গাঁওখনৰ ৰাইজে কপৌহালৰ স্বাৰ্থতে ভেলাঘৰটো জ্বলাই নিদি সংৰক্ষণ কৰিলে ভেলাঘৰটো। ৰাইজে ঠিক কৰিছে চৰাই হালে নিৰাপদে পোৱালী নজগোৱা পৰ্যন্ত ভেলাঘৰটোও প্ৰজ্বলন নকৰে।
গাওঁ খনৰ ৰাইজৰ এই প্ৰয়াস ইতিমধ্যে বিশেষ ভাবে চৰ্চিত হৈ পৰিছে । এতিয়া গাওঁবাসীয়ে নেদেখাজনক প্ৰাৰ্থনা কৰিছে সুস্থ ভাবে পোৱালী জগাওক কপৌহালে।
বৰ্ত্তমান মানুহৰ মাজৰ পৰা দয়া -আবেগ আদি কমি যোৱা বুলি চৰ্চা হোৱাৰ সময়তে এই সৰু কৰ্মটি মহৎ বুলিয়েই বিবেচিত হৈছে।
Discussion about this post