গুৱাহাটীৰ অসম ৰাজ্যিক চিৰিয়াখানা আৰু উদ্ভিদ উদ্যানত চিৰিয়াখানা কৰ্তৃপক্ষলৈ হাঁহি আৰু সুখ কঢ়িয়াই আনিলে দুগৰাকী নতুন অতিথিয়ে।
ৰাণীয়ে জন্ম দিলে দুটা সুস্থ পোৱালি।
ৰাণীৰ বয়স সাত বছৰ আৰু ইয়াৰ পূৰ্বে এটা পোৱালি আছিল। পোৱালিবোৰৰ পিতৃ লিঅ’ । দুয়োকে গুজৰাট চিৰিয়াখানাৰ পৰা গুৱাহাটী চিৰিয়াখানালৈ অনা হৈছিল।
ইয়াৰ লগে লগে অসম ৰাজ্যিক চিৰিয়াখানাত সিংহৰ সংখ্যা সাতটালৈ বৃদ্ধি পাইছে। ইয়াৰে চাৰিটা ৰাজ্যৰ বাহিৰৰ পৰা অনাৰ বিপৰীতে তিনিটাৰ জন্ম অসম ৰাজ্যিক চিৰিয়াখানাত।
চিৰিয়াখানা কৰ্তৃপক্ষই মাতৃ আৰু পোৱালিকেইটাৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখি নৱজাত পোৱালিকেইটাৰ সকলো ধৰণৰ সুৰক্ষা নিশ্চিত কৰিছে
Discussion about this post