গুৱাহাটীঃ অসমৰ বিশিষ্ট শিক্ষাবিদ, লেখিকা আৰু অভিনেতা – শ্ৰুতিমালা দুৱৰা আৰু নাই। সোমবাৰ (২৭ ফেব্ৰুৱাৰী) গুৱাহাটীত পুৱা ১১:১৫ বজাত শেষ নিশ্বাস ত্যাগ কৰে শ্ৰুতিমালা দুৱাৰাই। কেইবছৰমান আগতে দুৱাৰাৰ ডিম্বাশয়ৰ কৰ্কট ৰোগ ধৰা পৰিছিল। এই মাৰাত্মক ৰোগত আক্ৰান্ত হোৱাৰ পিছত “মাই জাৰ্নি থ্ৰু কেন্সাৰ” শীৰ্ষক এখন গ্ৰন্থ লিখিছিল।
তেখেত সন্দিকৈ ছোৱালী মহাবিদ্যালয়ৰ সহযোগী অধ্যাপিকা তথা ইংৰাজী বিভাগৰ মুৰব্বী আছিল।
শ্ৰুতিমালা দুৱৰা নৰ্থ-ইষ্ট ৰাইটাৰ্ছ ফ’ৰামৰ প্ৰতিষ্ঠাপক সদস্য আছিল।
এগৰাকী দ্বিভাষিক লেখিকা, ইংৰাজী ভাষাৰ তেওঁৰ গ্ৰন্থসমূহৰ ভিতৰত আছে তিনিখন উপন্যাস আৰু চাৰিটা চুটিগল্প সংকলন – দ্য ছানচেট আৱাৰ এণ্ড অদাৰ ষ্ট’ৰীজ (১৯৯৮), ৱেইটিং ফৰ দ্য লাষ্ট ব্ৰেথ (১৯৯৯), দ্য ঝুলন ইভিনিং (২০০০) আৰু দ্য মিছিং লিংক।
২০১৫ চনৰ এপ্ৰিল মাহত লায়ন্স ক্লাবে “নাৰী শক্তি বঁটা” প্ৰদান কৰিছিল।
২০১৬ চনত আন্তঃৰাষ্ট্ৰীয় মানৱ অধিকাৰ পৰিষদ, অসম অধ্যায়ৰ পৰা “বছৰৰ মহিলা” বঁটা প্ৰদান কৰিছিল।
Discussion about this post