বিশিষ্ট বৈষ্ণৱ পণ্ডিত, অসম সত্ৰ মহাসভাৰ প্ৰাক্তন সভাপতি লীলাকান্ত মহন্তৰ বিয়োগ
শিৱসাগৰ কোঁৱৰপুৰৰ বিশিষ্ট বৈষ্ণৱ পণ্ডিত, বৰখাতপাৰ সত্ৰৰ প্ৰাক্তন সত্ৰাধিকাৰ শ্ৰীশ্ৰী লীলাকান্ত মহন্ত আৰু নাই । যোৱা নিশা ২.১৫ বজাত শেষ নিশ্বাস ত্যাগ কৰে শংকৰী সাহিত্য সংস্কৃতিৰ সাধক লীলাকান্ত মহন্তই । মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৯২ বছৰ।
বিগত কিছুদিন ধৰি বাৰ্ধক্যজনিত কাৰণত গুৰুতৰভাৱে অসুস্থ হৈ আছিল অসম আৰক্ষীৰ অৱসৰপ্ৰাপ্ত সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তৰ পিতৃ লীলাকান্ত মহন্ত।
মৃত্যুৰ সময়ত তেওঁ পত্নী ড° নিৰুপমা মহন্ত, পুত্ৰ ভাস্কৰ জ্যোতি মহন্ত, ননী গোপাল মহন্ত, সৌমাৰজ্যোতি মহন্তসহ পাঁচ পুত্ৰ আৰু আত্মীয় স্বজনক এৰি থৈ গৈছে ।
মহন্তই দুবাৰ অসম সত্ৰ মহাসভাৰ কেন্দ্ৰীয় সভাপতি, দুবাৰ সাধাৰণ সম্পাদক পদত অধিষ্ঠিত হৈছিল | তেওঁ ১৪ খনৰো অধিক গ্ৰন্থ ৰচনা কৰি বৈষ্ণৱ সাহিত্যৰ ভঁৰাল চহকী কৰি গৈছে।
‘মহাপুৰুষীয়া ধৰ্মত বৈদিক ক্ৰিয়া কৰ্মৰ বিচাৰ’, ‘ব্ৰহ্মপুৰাণৰ কাহিনী’, ‘নামঘোষাৰ মাধুৰ্য’, ‘ভাগৱত ৰসামৃত’ নামৰ গ্ৰন্থ, পাঁচখন নাটক, দুখন শিশু নাট ৰচনা কৰিছিল। ইংৰাজী মাধ্যমৰ ছাত্ৰ–ছাত্ৰীৰ সুবিধা হোৱাকৈ ভাগৱত পুৰাণ আদিৰ পৰা সাঁচিপতীয়া পুথিৰ আকাৰতো লিখিছিল কেইবাখনো গ্ৰন্থ।
Discussion about this post