বিশিষ্ট গীতিকাৰ, সুৰকাৰ, সাহিত্যিক, নৃতত্তবিদ, শিক্ষাবিদ শিক্ষক ড০ বিৰিঞ্চি কুমাৰ মেধিৰ বুধবাৰে দেহাৱসান ঘটে। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বহু চিৰসেউজ গীতৰ স্ৰষ্টা গীতিকাৰগৰাকীয়ে ৭৫ বছৰ বয়সত গুৱাহাটীৰ ডাউন টাউন হাস্পতালত ইহলীলা সম্বৰণ কৰে।
“যিদিনা মোক বিচাৰি নাপাবা, সেইদিনা তুমি বুজিবা” বুলি আক্ষেপ কৰি চিৰসেউজ গীত ৰচনা কৰিবলৈ আমাৰ মাজলৈ আৰু কোনোদিনে উভতি নাহে। তেখেতৰ বিয়োগ অসমৰ সাহিত্য-সংস্কৃতি-বিজ্ঞানৰ জগতখনৰ বাবে এক অপূৰণীয় ক্ষতি।
“এখন দেশ অলেখ মানুহ” কিতাপ খনৰ বাবে ১৯৭৪ চনত সৰ্বভাৰতীয় শিশু সাহিত্য প্ৰতিযোগিতাত শ্ৰেষ্ঠ অসমীয়া পুথিৰ সন্মানৰ জৰিয়তে তেখেতে ৰাষ্ট্ৰপতিৰ পুৰস্কাৰ লাভ কৰিছিল।
ড০ বিৰিঞ্চি কুমাৰ মেধি প্ৰয়াত বিশিষ্ট মুক্তিযোদ্ধা বিপিন চন্দ্ৰ মেধি আৰু প্ৰয়াত স্নেহলতা মেধিৰ চতুৰ্থ সন্তান আছিল।
Discussion about this post