অসমৰ আটাইতকৈ ওখ শিৱ মূৰ্তি নলবাৰীত। এই প্ৰতিমূৰ্তি বিশ্বৰ ষষ্ঠ সৰ্বোচ্চ প্ৰতিমূৰ্তি বুলি কোৱা হয়। প্ৰায় ৯১ ফুট উচ্চতাৰ এই শিৱ প্ৰতিমূৰ্তিটো নলবাৰী জিলাৰ খাৰজৰা আশ্ৰমৰ সমীপত নিৰ্মাণ কৰা হৈছে।
আজি মহা শিৱৰাত্রি। আজিৰ এই পবিত্ৰ দিনটোতে ভক্তৰ বাবে মুকলি হ’ল ৯১ ফুট উচ্চতাৰ মহাদেৱৰ এই বিশাল মূৰ্তি ।
জানিব পৰা মতে এই মূৰ্তিটো নিৰ্মাণ কৰোতে মুঠ ৩২ লাখ টকা ব্যয় হৈছে। এই খৰচ মহালক্ষ্মী সঞ্চয় আৰু ঋণদান সমবায় সমিতিয়ে ব্যয় কৰে। অসমৰ আটাইতকৈ ওখ এই শিৱ মূৰ্তিটো খনিকৰ প্ৰদীপ পাল আৰু তেওঁৰ ২০ গৰাকী সহকৰ্মী।
Discussion about this post