শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘ হৈছে অসমৰ এটা বেচৰকাৰী সামাজিক তথা ধাৰ্মিক অনুষ্ঠান। মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ আদৰ্শ, সৃষ্টিক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাই হৈছে এই অনুষ্ঠানৰ মূল উদ্দেশ্য। সঙ্ঘৰ নিজা সংবিধান আৰু মহাপুৰুষ জনাৰ জন্মৰ পৰা গণনা কৰা শঙ্কৰাব্দ নামৰ দিনপঞ্জী আছে। মহাপুৰুষ জনাই দেখুৱাই যোৱা এক শৰণ নামধৰ্মক ভৱিষ্যতলৈ আগুৱাই নিয়াৰ মানসেৰে ১৯৩০ চনত ইয়াক স্থাপিত কৰা হৈছিল। শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘ বাৰ্ষিক অধিবেশন প্ৰত্যেক বছৰে অসমৰ একো একোখন জিলাত অনুষ্ঠিত কৰা হয়।
“শ্ৰীমন্ত শংকৰদেৱ সংঘ”ৰ ৯২ সংখ্যক বাৰ্ষিক অধিৱেশন, ২০২৩ চনৰ ১০, ১১ আৰু ১২ ফেব্ৰুৱাৰীত “পৰমনান্দা আতা সমনয় ক্ষেত্ৰ” চিমেন চাপৰি চেৰেন পথাৰত, ধেমাজি ত অনুষ্ঠিত হৈ যায়। অধিৱেশনৰ অন্তিম দিনা প্ৰতিনিধি গৃহ ক্ষেত্ৰত অনুষ্ঠিত হোৱা কাৰ্যনিৰ্বাহকত সংঘৰ নতুন প্ৰধান সম্পাদক হিচাপে নিৰ্বাচিত হয় গুৱাহাটী মহানগৰ সমিতিক প্ৰতিনিধিত্ব কৰা কুশল ঠাকুৰীয়া। মুঠ ৪৮ টা ভোট লাভ কৰি ঠাকুৰীয়া এই পদত নিৰ্বাচিত হয়।
Discussion about this post