উত্তৰ-পূব ভাৰতৰ পৰম্পৰাগত কাপোৰ প্ৰদৰ্শনৰ বাবে দিল্লীত ৩ দিনীয়া অনুষ্ঠান –
দিল্লীয়ে উত্তৰ-পূব ভাৰতৰ কাপোৰ প্ৰদৰ্শন কৰিবলৈ সাজু হৈছে যিবোৰ নিজৰ ৰঙীন আৰু বৈচিত্ৰময় প্ৰকৃতিৰ ডিজাইনৰ বাবে পৰিচিত । ডিজাইনাৰসকলে তেওঁলোকৰ সুন্দৰ কৰ্মসমূহ প্ৰদৰ্শন কৰিব এই অনুষ্ঠানতে।
নৰ্থ ইষ্ট ইনষ্টিটিউট অৱ ফেশ্বন টেকন’লজি (NEIFT) ৰ বেনাৰত আয়োজিত চেলিব্ৰেটিং নৰ্থ ইষ্টৰ ১৬ তম সংস্কৰণৰ আয়োজন কৰা হ’ব ১৭-১৯ ফেব্ৰুৱাৰীলৈ ।
আয়োজকসকলে এক বিবৃতিত কয় যে কেন্দ্ৰীয় বন্দৰ আৰু জাহাজ পৰিবহণ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে লগতে এম অ’ এছ টেক্সটাইলছ দৰ্শন জৰ্দোছে তিনিদিনীয়া এই অনুষ্ঠানটো উদ্বোধন কৰিব।
তদুপৰি পৰম্পৰাগত বস্ত্ৰশিল্প, অঞ্চলটোৰ সংগীত, নৃত্য, আৰু ভাৰতৰ মোহনীয় সাংস্কৃতিক বৈচিত্ৰ্য সমূহো প্ৰদৰ্শন কৰা হব।
Covid-19 ৰ সময়তো covid-19 ৰ দ্বাৰা নিৰ্ধাৰিত সকলো নিষেধাজ্ঞা আৰু প্ৰট’কল বজাই ৰাখি গুৰুগ্ৰাম আৰু চাণক্যপুৰীত এই অনুষ্ঠান অনুষ্ঠিত হৈছিল।
Discussion about this post