শিল্পী দিৱস প্ৰতি বছৰে ১৭ জানুৱাৰী তাৰিখে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ স্মৃতি দিৱস হিচাপে উদযাপন কৰা হয়। এই দিনটোতে মহান শিল্পীজনৰ পৰলোকপ্ৰাপ্তি ঘটিছিল। ১৯৫৩ চনৰ ১৭ জানুৱাৰী তাৰিখে প্ৰথম বাৰৰ বাবে শিল্পীজনাক সোঁৱৰি এই দিৱস উদযাপন কৰা হৈছিল।
আজি শিল্পী দিৱস, প্ৰথম অসমীয়া চলচ্চিত্ৰ নিৰ্মাতা ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা দেৱৰ সোঁৱৰণ ।
এই উপলক্ষে ৰাজ্যজুৰি পালন কৰা হৈছে শিল্পী দিৱস। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ অনুষ্ঠান-প্ৰতিষ্ঠানে শিল্পী দিৱসৰ মাজেৰে সংস্কৃতিৰ পূজাৰী ৰূপকোঁৱৰক সোঁৱৰণ কৰিছে।
কলা-সাহিত্য-সংস্কৃতিৰ অন্যতম শিল্পী ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ জন্ম হৈছিল ১৭ জুন, ১৯০৩ চনত ডিব্ৰুগড়ৰ তামোলবাৰী চাহ বাগিচাত। জ্যোতিপ্ৰসাদৰ পিতৃ পৰমানন্দ আগৰৱালা এগৰাকী সংগীতজ্ঞ আছিল। তদুপৰি তেওঁৰ মাতৃ কিৰণময়ী আগৰৱালাও আই-নাম, বিয়া-নাম আদি সুৰীয়াকৈ গাব জানিছিল।
অসম আৰু কলিকতাৰ বিভিন্ন বিদ্যালয়ত শিক্ষা লাভ কৰাৰ পিছত ১৯২১ চনত দ্বিতীয় বিভাগত মেট্ৰিকুলেচনত ঊত্তীৰ্ণ হৈ ১৯২৬ চনত জ্যোতিপ্ৰসাদে অৰ্থনীতিত উচ্চ শিক্ষাৰ বাবে এডিনবাৰ্গলৈ গৈছিল যদিও আধাতে পঢ়া এৰি জাৰ্মানীত সাত মাহৰ বাবে চলচ্চিত্ৰ নিৰ্মাণৰ প্ৰশিক্ষণ লয়। ইয়াৰ পিছতে তেওঁৰ সাংস্কৃতিক যাত্ৰাৰ সূচনা হয়।
দেশৰ স্বাধীনতা সংগ্ৰামত নামি পৰা জ্যোতিপ্ৰসাদ আগৰৱালাই ১৯৩২ চনত ১৫ মাহৰ বাবে কাৰাবাস খাটে। ১৯৩৩ চনৰ শেষৰফালে ভোলাগুৰি চাহ বাগিচাত চিত্ৰবন ষ্টুডিঅ’ স্থাপন কৰি প্ৰথম অসমীয়া বোলছবি “জয়মতী”ৰ চিত্ৰগ্ৰহণ আৰম্ভ কৰে। লক্ষ্মীনাথ বেজবৰুৱাৰ কাহিনীৰ ওপৰত আধাৰিত এই ছবিখনে ১৯৩৫ চনত মুক্তি লাভ কৰে।
অসমীয়া ভাষা-সাহিত্যৰ কবিতা, নাটক, প্ৰৱন্ধ, সমালোচনা, শিশুসাহিত্য, আদি সকলা দিশতে তেখেতৰ বৰঙণি আছে।
১৯৩৬ চনত দেৱযানী ভূঞাৰ লগত তেওঁৰ বিবাহ সম্পন্ন হয়। কিন্তু মাত্ৰ ৪৮ বছৰ বয়সতে ১৯৫১ চনৰ ১৭ জানুৱাৰীত তেজপুৰৰ পকীত জ্যোতিপ্ৰসাদ আগৰৱালাৰ কৰ্কট ৰোগত মৃত্যু হয়। জ্যোতিপ্ৰসাদ আগৰৱালাৰ স্মৃতিত ২০০৪ চনত ভাৰত চৰকাৰে প্ৰণয়ন কৰে ডাক টিকট। ইয়াৰ লগতে অসমৰ সমাজ জীৱনৰ কিংবদন্তীসুলভ শিল্পীগৰাকীৰ স্মৃতিত ১৭ জানুৱাৰীত ৰাজ্যজুৰি পালন কৰা হয় শিল্পী দিৱস।
ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ সোঁৱৰণত তেখেতৰ ৰচিত এটি জ্যোতি সংগীত –
গাঁৱৰ ল’ৰা গাওেঁ গাওেঁ
গাঁৱৰ ল’ৰা গাওেঁ গাওেঁ
বন্তি জ্বলাই যাম আমি
গাঁৱৰ ল’ৰা
গাঁৱলীয়া ছোৱালী
শেৱালি মই নেৱালি
গাঁৱৰ ল’ৰা
গাঁৱৰ ল’ৰা গাওেঁ গাওেঁ
বন্তি জ্বলাই যাম আমি
গাঁও ল’ৰা আগবাঢ়ি যাম
হাবি কাটি আগবাঢ়ি যাম
পৰ্বত ভাঙি আগবাঢ়ি গৈ
বাট উলিয়াম
নিতৌ নতুন পাম
জুই সুৰীয়া জয় সুৰীয়া
নতুন নাম গাম।
ৰাইজৰ বৰ নামঘৰতে
সোণৰ ৰূপৰ পাট মেৰিওৱা
বৰখুঁটা লগাম।
—— ****———
Discussion about this post