দাক্ষিণাত্যৰ কথা ছবিত এগৰাকী অসম কন্যা পুনৰ উজ্জ্বলি উঠিল ৷ বিগ বাজেটৰ তেলেগু চলচ্চিত্ৰ এখনৰ মুখ্য নায়িকা চৰিত্ৰৰে জিলিকি উঠা যুৱতী গৰাকী হ’ল পাহাৰীয়া জিলা কাৰ্বি আংলংৰ বকলীয়াঘাটৰ জীয়ৰী স্মৃতাৰাণী বৰা ৷
স্মিতাৰাণী বৰাই ’গ্ৰন্ধালায়ম’ নামৰ তেলেগু চিনেমা খনৰ নায়িকা চৰিত্ৰত অভিনয় কৰিছে। সমাগত জানুৱাৰী মাহত একেলগে পাঁচটা ভাষাত মুক্তি পাব তেলেগু ছবিখনে।
স্মৃতাৰাণী বৰাই ওৱাকিং ট’চ মিছ ইণ্ডীয়া’১৯১৭ সহ কে’বাটাও খিতাপ অৰ্জন কৰিবলৈ সক্ষম হৈছিল ৷ তৰুণ অভিনেত্ৰী গৰাকীয়ে ৰং চেনেলৰ বাঃ অমৰাৱতী বাঃ ধাৰাবাহিকত অভিনয়ৰে অভিনয় জগতত ভৰি দিছিল ৷
একেদৰে জুবিন গাৰ্গ সহ কে’বা গৰাকী জনপ্ৰিয় কন্ঠ শিল্পীৰ গীতত অভিনয় কৰি প্ৰশংসা বুটলিবলৈ সক্ষম হৈছিল স্মিতাৰাণী ৷ পৰৱৰ্তী সময়ত বিভিন্ন মডেলিং ইভেণ্টত অংশগ্ৰহণ কৰি থকাৰ মাজতে দক্ষিণৰ জনপ্ৰিয় চিনেমা পৰিচালকৰ দৃষ্টিত পৰে স্মিতাৰাণী ৷
Discussion about this post