নতুন দিল্লী, ২৩ জানুৱাৰী – ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে সোমবাৰে নতুন দিল্লীৰ বিজ্ঞান ভৱনত দেশৰ ১১টি ব্যতিক্ৰমী শিশুক ২০২৩ চনৰ প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় বাল পুৰস্কাৰ প্ৰদান কৰে৷ এই অনুষ্ঠানত কেন্দ্ৰীয় মহিলা আৰু শিশু উন্নয়ন মন্ত্ৰী স্মৃতি ইৰাণী তথা ৰাজ্য মন্ত্ৰী ড॰ মুঞ্জপাৰা মহেন্দ্ৰভাই উপস্থিত আছিল৷
অনুষ্ঠানত শিল্প আৰু সংস্কৃতি শিতানত অসমৰ ১২ বছৰীয়া শ্ৰেয়া ভট্টাচাৰ্য , ওড়িষাৰ ১৬ বছৰীয়া সম্ভৱ মিশ্ৰ [১৬], কেৰালাৰ আদিত্য সুৰেশ [১৬] আৰু তেলেংগানাৰ এম গৌৰৱ ৰেড্ডীক [১৭] বঁটা প্ৰদান কৰে৷
তবলা শিল্পী শ্ৰেয়া ভট্টাচাৰ্য হৈছে দীৰ্ঘতম সময় তবলা বজোৱাৰ অভিলেখ গঢ়ি ‘ইণ্ডিয়া বুক অব্ ৰেকৰ্ডছ’ত স্থান পোৱা শিশু৷ দিল্লীৰ ১৪ বছৰীয়া অনুষ্কা জলীক ‘এণ্টি বুলিং স্কোৱাড কৱচ’ এপ প্ৰস্তুত কৰা বাবে সমাজ সেৱা শিতানত বঁটা দিয়া হয়৷
উদ্ভাৱনৰ শিতানত ছট্টিশগড়ৰ আদিত্য প্ৰতাপ চৌহান [১৭] আৰু কৰ্ণাটকৰ ঋষি শিৱ প্ৰসন্নক বঁটা প্ৰদান কৰে৷ প্ৰসন্ন হৈছে কনিষ্ঠতম চাৰ্টিফাইড এণ্ড্ৰয়ড এপ্লিকেশ্যন ডেভেলপাৰ৷
ক্ৰীড়া শিতানত জম্মু-কাশ্মীৰৰ ১৬ বছৰীয়া হানায়া নিছাৰ, অন্ধ্ৰ প্ৰদেশৰ ১১ বছৰীয়া কোলাগাতলা আলানা মীনাক্ষি আৰু গুজৰাটৰ দহ বছৰীয়া শৌৰ্যজিত ৰঞ্জিৎ কুমাৰ খাইৰেক বঁটা প্ৰদান কৰা হয়৷ সাহসিকতাৰ ক্ষেত্ৰত মহাৰাষ্ট্ৰৰ ১৫ বছৰীয়া ৰোহন ৰামচন্দ্ৰ বাহিৰক বঁটা প্ৰদান কৰা হয়৷ ৰোহন ৰামচন্দ্ৰ বাহিৰে নদীত জঁপিয়াই এগৰাকী মহিলাৰ জীৱন ৰক্ষা কৰিছিল৷
Discussion about this post