৫০ গৰাকী শিল্পীলৈ আগবঢ়োৱা হৈছে এই বিশেষ পেঞ্চন। মন্ত্ৰী বিমল বৰাই ঘোষণা কৰিলে এই পেঞ্চন। এই পেঞ্চনত মাহে ৮০০০ টকাকৈ প্ৰদান কৰা হ’ব। ১৭ জানুৱাৰীৰ শিল্পী দিৱসৰ পৰাই প্ৰযোজ্য হ’ব এই পেঞ্চন।
২০২২-২৩ বৰ্ষৰ পেঞ্চন প্ৰাপ্ত শিল্পীসকল হৈছে – মনোজ শৰ্মা, ৰত্নেশ্বৰ বৰা, নৰেন ৰাজবংশী, মাণিক সিং ৰয়, দেৱেন পাঠক , প্ৰফুল্ল ৰুদ্ৰপাল । আনহাতে অভিনেতা প্ৰাঞ্জল শইকীয়ালৈ ২০২২ বৰ্ষৰ নটসূৰ্য ফণী শৰ্মা বঁটা, অভিনেতা অৰুণ নাথক ২০২২ৰ ড০ ভৱেন্দ্ৰনাথ শইকীয়া বঁটা,
সমৰেন্দ্ৰ নাৰায়ণ দেৱক ২০২২ বিজু ফুকন বঁটা , মিলেশ্বৰ পাটৰক ২০২২ বৰ্ষৰ ভীমবৰ দেউৰী বঁটা প্ৰদান কৰা হ’ব। ১৭ জানুৱাৰীৰ শিল্পী দিৱসৰ অনুষ্ঠানতে প্ৰদান কৰা হ’ব এই বঁটা সমূহ।
Discussion about this post