GANGTOK : উত্তৰ-পূবৰ বাবে এটা গৌৰৱৰ খবৰ আহিছে, ছিকিমৰ ৯ বছৰীয়া জেটচেন ডোহনাই ছা ৰে গা মা পা লি’ল চেম্পছৰ ছিজন ৯ৰ বিজয়ী ট্ৰফী তুলি ললে ২২ জানুৱাৰী, দেওবাৰে। ট্ৰফীৰ লগতে ১০ লাখ টকাৰ নগদ পুৰস্কাৰো লাভ কৰে। এইবাৰ দৰ্শকে শংকৰ মহাদেৱন, নীতি মোহন, অনু মালিককে ধৰি নতুন বিচাৰকৰ পেনেলৰ সাক্ষী হ’বলৈ পাইছিল। ফাইনেলত জেটচেনে হৰ্ষ চিকন্দৰ আৰু ধ্যানেশ্বৰী গাদাগেক পৰাস্ত কৰে।
জেটচেনক শংকৰ মহাদেৱে ‘মিনি সুনিধি চৌহান’ বুলি অভিহিত কৰিছিল। তিনি বছৰ বয়সৰ পৰাই সংগীতৰ ক্ষেত্ৰত নিজৰ কেৰিয়াৰ গঢ়ি তুলিছিল লিল চেম্পিয়নগৰাকীয়ে।
বিজয়ী জেটচেনে তেওঁৰ গুৰুসকলৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰে, লগতে কয়, ‘I am taking bundle full of memories with me and looking forward to my new singing journey’.
Discussion about this post