অভিনেতা গৰাকীয়ে ইয়াৰ পূৰ্বে তেলেগু, হিন্দী আৰু হাৰিয়ানাৰ চলচ্চিত্ৰত কাম কৰিছিল ৷ ইয়াৰ ভিতৰত গাজিয়াবাদ, সিনহা, কৰিম মহম্মদ, ৱেব চিৰিজ বিৰাট, এমএক্স প্লেয়াৰৰ অনুষ্ঠান মাধুৰী টকিজ সহ বহু কেইখন মুভিত।
শেহতীয়াকৈ অভিনতা ৰবি জাংঘুৱে প্ৰাগ নেটৱৰ্কৰ বেনাৰত ড:সজ্ঞীৱ নাৰায়ণ প্ৰযোজিত আৰু পংকজ পাটৰৰ পৰিচালনাত নিৰ্মিত কথাছবি’ লক্ষীপথাৰ’ত অভিনয় কৰিব ৷ ছবিখনৰ মুল পটভূমি হৈছে এসময়ৰ আলফাৰ ঘাটিস্বৰূপ লক্ষীপথাৰ অঞ্চল ৷
চলচ্চিত্ৰ খনত তেওঁ ৰূপায়ণ কৰা ভূমিকাৰ বিষয়ে কয়, “মই এজন আইপিএছ বিষয়া ৰবিৰ ভূমিকা পালন কৰিছো ৷
জনপ্ৰিয় অভিনেতা গৰাকীয়ে আৰু কয়, “মোৰ প্ৰথম খন অসমীয়া কথাছবি আছিল ২০১৬ চনৰ বহ্নিমাণ আৰু ২০১৮ চনৰ ৰক্তবিজ।
দুয়োখন ছবি যথেষ্ট সফল হৈছিল আৰু মই দৰ্শকৰ পৰা যথেষ্ট সমাদৰ আৰু মৰম আৰু সমৰ্থন লাভ কৰিবলৈ সক্ষম হৈছিলো ৷ অসম মোৰ দ্বিতীয় ঘৰ। শেহতীয়া কথাছবি ‘লক্ষীপথাৰ’ মোৰ তৃতীয় খন অসমীয়া কথা ছবি।”
Discussion about this post