গুৱাহাটীৰ পাঞ্জাবাৰীৰ ৰঞ্জিত বৰা হত্যাকাণ্ডৰ মুল অভিযুক্তক অৱশেষত মঙলদৈৰ ছিপাঝাৰত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ৷
উল্লেখ্য যে, মহানগৰীৰ পাঞ্জাবাৰীত ২১ নৱেম্বৰত ২০২২ ত ৰাজপথৰ ওপৰত দিন দুপৰতে দুৰ্বৃত্তই শূন্য দূৰত্বৰ পৰা গুলীয়াই হত্যা কৰিছিল পূৰবী ডায়েৰীৰ বিতৰক ৰঞ্জিত বৰাক ৷ দুৰ্বৃত্তই বৰাক হত্যা কৰি তেওঁ অহা বাহন খনৰ পৰা লুট কৰি নিয়ে প্ৰায় 2.৫০ লাখ টকা ৷ বৰাই টকাখিনি পাঞ্জাবাৰীৰ ICICI বেঙ্কত জমা থবলৈ আহিছিল।
ঘটনাৰ লগত জড়িত দলটোৱে ৩ সপ্তাহৰ আগৰ পৰাই ৰঞ্জিত বৰাৰ গতিবিধি লক্ষ্য কৰি আছিল বুলি আৰক্ষীয়ে জনাই ।
কিছুদিন পূৰ্বে আৰক্ষীয়ে হত্যাকাণ্ডৰ স’তে জড়িত থকাৰ অভিযোগত ৰিভলভাৰ সহ দুজন যুৱকক মৰিগাঁওত আটক কৰিছিল ৷
কিন্ত অৱশেষত হত্যাকাণ্ডৰ স’তে জড়িত দুই মুল অভিযুক্তক আঢ়ৈ মাহৰ পাছত আটক কৰিবলৈ সক্ষম হয় গুৱাহাটী আৰক্ষী ৷ হত্যাকাণ্ডৰ তদন্তৰ বাবে SIT গঠন কৰা হৈছিল।
হাজোৰ এক্সেল একাডেমীৰ স্বত্বাধিকাৰী শ্বাহ আলম তালুকদাৰ ঘটনাৰ মূল অভিযুক্ত বুলি জনাই আৰক্ষীয়ে।
আন কেইজন অভিযুক্ত ক্ৰমে সুজল আলী, জয়দেৱ মহন্ত, জিতুমণি বৰ্মন, হৰেন পাটগিৰি।
Discussion about this post