গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসক ডাঃ আইভি শৰ্মাই বাচি ল’লে চৰম পন্থা ৷ দেওবাৰে পুৱা হাতীগাঁও থানাৰ অন্তৰ্গত বশিষ্ঠপুৰ 3 নং উপপথৰ নিজ বাসগৃহত আত্মহত্যা কৰে চিকিৎসকগৰাকীয়ে।
দিল্লীত অধ্যয়নৰত হৈ থকা কন্যাৰ কোঠাতে চিপ লৈ আত্মহত্যা আইভি শৰ্মাৰ ৷ আত্মহত্যাৰ সময়ত তেখেতৰ স্বামী ঘৰতে আছিল যদিও আছিল আন এটা কোঠাত ৷
আইভি শৰ্মাৰ মৃত্যুৰ প্ৰকৃত কাৰণ পোহৰলৈ অহা নাই যদিও আৰক্ষীৰ সূত্ৰই আইভি শৰ্মা বহুদিন ধৰি মানসিক সমস্যাত ভুগি আছিল বুলি সদৰী কৰিছে ৷ আইভি শৰ্মাৰ স্বামী দেৱজিৎ চৌধুৰী গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰে সংলগ্ন কেন্সাৰ। 1998 চনত দুয়োৰে বিবাহ হৈছিল ৷ একমাত্ৰ কন্যা দিল্লীত অধ্যয়নৰত ৷
Discussion about this post